নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰ মুক্তিৰ সংবাদমেলঃ জয়ন্ত বৰা হত্যাকাণ্ডৰ চি বি আই তদন্ত দাবী

নিয়মীয়া বাৰ্তা, ২০ জুনঃ সেনা-আৰক্ষীৰ যৌথ অভিযানত ১৪ জুনৰ নিশা যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজানৰ জয়ন্ত বৰা নামৰ ২৩ বছৰীয়া যুৱকজনৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি পঞ্চম দিনাও প্ৰতিবাদমুখৰ হৈ আছে একাংশ দল-সংগঠন। জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ঘটনাক প্ৰথম দিনাৰ পৰাই ঘোৰ প্ৰতিবাদ জনাই অহা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে আজি তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ অস্থায়ী কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে।

সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই সেনা আৰক্ষীৰ পাশৱিক অত্যাচাৰৰ বাবেই জয়ন্তৰ মৃত্যু হোৱাটো নিশ্চিত বুলি উল্লেখ কৰি কয় যে তিতাবৰৰ এছ ডি পি অ’ অমৃত কুমাৰ হোজাই আৰু বৰহোলা আৰক্ষী থানা অ’ চি মিণ্টু সন্দিকৈৰ সহযোগত শচীন সিনহা নামৰ এজন মেজৰৰ নেতৃত্বত চৰাইদেউৰ ৯ জনীয়া সেনাৰ দলে সম্পূৰ্ণ পূৰ্বপৰিকল্পিতভাবে এই ঘটনা সংঘটিত কৰিছিল। এই সকলক অকল নিলম্বিত কৰিলেই নহ’ব, আটাইকেইজন দোষীক শীঘ্ৰে জে’ললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক।

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অপপ্ৰয়োগৰ জৰিয়তে অসমীয়া যুৱকক হত্যা কৰা কোনো কাৰণতেই মানি লোৱা নহ’ব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে। জয়ন্তৰ মৃত্যুৰ ঘটনাত উজনি অসমৰ আৰক্ষী ডি আই জি শিৱ প্ৰসাদ গাঞ্জাৱালাই চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ লগতে সেনা-আৰক্ষীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ কৰি এইগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াকো তদন্তৰ আওতালৈ আনিব লাগে মত প্ৰকাশ কৰিছে সংগঠনটোৱে।

জয়ন্তৰ হত্যাৰ তদন্ত চি বি আইৰ দৰে উচ্চ ক্ষমতা সম্পন্ন আৰু স্বতন্ত্ৰ তদন্তকাৰী সংস্থাক দায়িত্ব দিয়াৰ দাবী জনাই সংগঠনটোৰ সম্পাদকগৰাকীয়ে আৰু কয় যে কমিশ্যন এনকুৱেৰী এক্ট ১৯৫২ অধীনত গঠন কৰা তদন্ত সমিতিবোৰৰ সীমাবদ্ধতা আছে। এই ধৰণৰ তদন্ত সমিতিৰ শক্তি কম। পূৰ্বেও এনেধৰণৰ বহু ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাৰ লগতে ন্যায় লাভ নকৰাৰ উদাহৰণ আছে।

সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ যুটীয়া সম্পাদক প্ৰমোদ গগৈ, জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ চুতীয়া, তিতাবৰ মহকুমাৰ সাধাৰণ সম্পাদক তপন ফুকন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ কাৰ্যকৰী সভাপতি অংকুৰ সোণোৱাল উপস্থিত থাকে।

You might also like