নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ বংগৰ জলপাইগুৰিত সত্ৰীয়া কৰ্মশালাৰ সামৰণি

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ১০ দিনীয়াকৈ আয়োজিত উত্তৰবংগৰ জলপাইগুৰিৰ আমগুৰি নামঘৰ তথা সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত থিয়নাম, প্ৰসংগ আৰু বৰগীতৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণী অনুষ্ঠান আমগুৰি সত্ৰ প্ৰাংগণত বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হয়। যোৱা ৭ আগষ্টৰ পৰা ১৬ আগষ্টলৈ হোৱা কাৰ্যসূচীৰ বিষয়ে মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনায় যে উত্তৰবংগৰ ৫০ যুৱক-যুৱতীয়ে অংশ লোৱা প্ৰশিক্ষণ কৰ্মশালাত বংগ ভাষী যুৱক-যুৱতীসকলে গুৰু দুজনাৰ অনবৈদ্য সৃষ্টি থিয়নাম, প্ৰসংগ আৰু বৰগীতৰ প্ৰশিক্ষণ অতি সফলতাৰে গ্ৰহণ কৰি আপুৰুগীয়া সত্ৰীয়া সংস্কৃতিক উত্তৰবংগৰ বিভিন্ন প্ৰান্তত বাংলা ভাষী লোকসকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সংৰক্ষণ কৰাৰ কাৰণে সংকল্প গ্ৰহণ কৰে। প্ৰধানতঃ কৃষি প্ৰধান আমগুৰি অঞ্চলৰ লোকসকলৰ মাজত অসমৰ এই বৰ্ণিল সত্ৰীয়া সংস্কৃতিক জীয়াই ৰখাৰ বাবে চলাই থকা নীৰলস প্ৰচেষ্টাই গুৰু দুজনাই সীমাৰ পৰিধি অতিক্ৰম কৰি এখন বহল আৰু সু-সংগঠিত সমাজ গঢ়াৰ যি সপোন ৰচনা কৰিছিল আজি সেই সপোন উত্তৰবংগৰ নতুন প্ৰজন্মই বাস্তৱ ৰূপ দিয়াৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক প্ৰচেষ্টাই অসমৰ অতি চহকী এই সংস্কৃতিৰ উত্তৰণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক অনবৈদ্য অৱদান আগবঢ়াব। সত্ৰ সমিতিৰ সম্পাদক হৰিদেৱ দাসৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান উদ্বোধন কৰে আমগুৰিৰ অঞ্চল প্ৰধান দিলীপ ৰয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অঞ্চল সভাপতি শশীমোহন ৰয় আৰু আমগুৰি সত্ৰৰ নামাচাৰ্য্য মধু ৰয়। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে থিয়নাম আৰু বৰগীত পৰিৱেশন কৰি সত্ৰীয়া সংস্কৃতিৰ অপূৰ্ব সুৰেৰে বংগৰ আকাশ বতাহ যেন মুখৰিত কৰি তোলে। প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰদান কৰে বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী নৱ কুমাৰ দাস পাঠক আৰু ৰামায়ণ দাসে।
প্ৰেৰক দীপাংকৰ বায়ন
You might also like