নিয়মীয়া বাৰ্তা, বটদ্ৰৱা, ১৫ফেব্ৰুৱাৰীঃ ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে সকলো শিক্ষানুষ্ঠানৰ পাঠদান কাৰ্যসূচী। সকলো চৰকাৰী, ব্যক্তিগত শিক্ষানুষ্ঠানত স্বাভাৱিক পাঠদান আৰম্ভ হৈছে। ক’ৰোনাৰ ভয়াবহতাৰ বাবে চৰকাৰী নিৰ্দেশনা পালন কৰি বিদ্যালয়সমূহৰ নিম্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান বন্ধ হৈ আছিল। যাৰ ফলত আপোন বিদ্যালয়খনৰ পৰা দীৰ্ঘদিন ধৰি দূৰত আছিল কণ কণ ছাত্ৰ-ছাত্ৰীসকল। প্ৰায় দুটা বছৰৰ পাছত আজি অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাতো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ন-উদ্যমেৰে পিঠিত বেগ লৈ বিদ্যালয়লৈ আহি আনন্দত উৎফুল্লিত হৈ পৰিছে। বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অভিভাৱকসকলেও ছাত্ৰ-ছাত্ৰীসকলক প্ৰায় দুবছৰ পাছত বিদ্যালয়লৈ আনি উৎফুল্লিত হৈ পৰিছে। সকলোৰে কামনা কৰোনা নাশ হওঁক পূৰ্বৰ দৰে বিদ্যালয় সমূহত পাঠদান চলক। ছাত্ৰ ছাত্ৰী সকলৰ দুৰ্দিন আৰু নাহক।