২ নৱেম্বৰৰ পৰা ৰাজ্যত খুলিব স্কুল-কলেজঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ ২ নবেম্বৰৰ পৰা ৰাজ্যত স্কুলসমূহ খোলাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। পুৱা ৮.৩০ বজাত খুলিব লাগিব স্কুলসমূহ। পুৱা ৫০ শতাংশ আৰু বিয়লি ৫০ শতাংশ শিক্ষাৰ্থী আহিব লাগিব। স্কুল খোলাৰ ১৫দিনৰ পাছত স্বাভাৱিক হ’ব পাঠদান। আনহাতে এইবাৰ পাঠ্যক্ৰমৰ বোজা কমাই দিয়া হ’ব।
সকলো শিক্ষাৰ্থীকে পৰবৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰা হ’ব। শ্ৰেণীকোঠা সৰু হ’লে অডিটৰিয়ামত ক্লাছ কৰিব লাগিব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে অনলাইন ক্লাছ কৰিলেও কোনো আপত্তি নাথাকিব। স্কুললৈ সন্তানক পঠোৱা-নপঠোৱাক লৈ সিদ্ধান্ত ল’ব অভিভাৱকে।
আনহাতে শিক্ষানুষ্ঠানৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব ক’ভিড চেণ্টাৰসমূহ। স্কুল খুলিলে মানিব লাগিব ক’ভিড প্ৰটকল। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিয়েই চলি থাকিব। উল্লেখযোগ্য যে ৫ম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান। ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহেও মানিব লাগিব এই নিয়ম। প্ৰতিটো শ্ৰেণীত ২০ৰ পৰা ২৫জন ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।