১ ছেপ্টেম্বৰৰ পৰা স্কুল-কলেজ খোলাৰ সম্ভাৱনা! ক’ভিড টেষ্টৰ বাবে শিক্ষকৰ ভিৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়কে ধৰি মহাবিদ্যালয় খোলাৰ সম্ভাৱনা। সেয়েহে চৰকাৰে বাধ্যতামূলক কৰিলে সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ ক’ভিড পৰীক্ষা। ১ ছেপ্টেম্বৰৰ পৰা বিদ্যালয়লৈ নগ’লে দৰমহা কৰ্তন কৰা হ’ব বুলিও ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে এতিয়া ৰাজ্যৰ ক’ভিত পৰীক্ষা কৰা কেন্দ্ৰসমূহত ভিৰ কৰিছেহি শিক্ষক তথা শিক্ষয়িত্ৰীসকলে। কোনো কাৰণতে যাতে বিদ্য়ালয়ত ক’ভিড সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ১ ছেপ্টেম্বৰৰ পূৰ্বে সম্পন্ন হব লাগিব পৰীক্ষা।
প্ৰথম পৰ্যায়ত RT–PCR টেষ্ট কৰাব লাগিব। এই পৰীক্ষাৰ ফলাফল নহা পৰ্যন্ত হোম কোৱাৰেণ্টাইন হৈ থাকিব লাগিব। যিহেতু RT–PCR ফলাফলটোৱেই চূড়ান্ত হয় গতিকে ইয়াত নিগেটিভ ৰিজাল্ট আহিলে শংকামুক্ত হৈ শিক্ষকসকল যাব পাৰিব শিক্ষানুষ্ঠানলৈ। ইয়াত সংক্ৰমণৰ কোনো ধৰণৰ সম্ভাৱনা নাথাকে বুলি মন্তব্য কৰে চিকিৎসকে।