নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন জিলাৰ স্কুলতে খালী দুই সহস্রাধিক পদ

নগাঁৱৰ শৈক্ষিক ক্ষেত্রত অকল্পনীয় অচলাৱস্থাঃ শিক্ষামন্ত্রীৰ হস্তক্ষেপ দাবী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজ্য চৰকাৰে অসমৰ শিক্ষা ব্যৱস্থাৰ দ্রুত উন্নয়ন আৰু বিকাশৰ হকে কাম কৰি অহাৰ সময়তে ৰাজ্যখনৰ চৰকাৰী তথা প্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহত হাজাৰ হাজাৰ শিক্ষক, কর্মচাৰীৰ পদ খালী থকাৰ তথ্য পোহৰলৈ আহিছে৷ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাতো প্রায় দুই সহস্রাধিক শিক্ষক–কর্মচাৰীৰ পথ খালী আছে৷ নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ৰ এক সূত্রই জনোৱা মতে, নগাঁও জিলাত মাধ্যমিক পর্যায়ৰ ২২০০ৰো অধিক শিক্ষক, কর্মচাৰীৰ পদ খালী আছে৷

জিলাখনত খালী হৈ থকা এই পদসমূহ হ’ল উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ, বিষয় শিক্ষক, উচ্চ মাধ্যমিকৰ প্রধান শিক্ষক, সহকাৰী শিক্ষক তৃতীয় আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীৰ পদ৷ সূত্রটোৱে আৰু জনোৱা মতে, জিলাখনৰ মাধ্যমিক পর্যায়ত ১৫০০ৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে৷ গুৰুত্বপূর্ণ বিষয়টো হ’ল জিলাখনৰ ঐতিহ্যমণ্ডিত আৰু পুৰণি শিক্ষানুষ্ঠান ক্রমে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন গুৰুত্বপূর্ণ শিক্ষানুষ্ঠান ১০ৰ পৰা ১৫টা পর্যন্ত শিক্ষকৰ পদ খালী আছে৷

বহুকেইখন বিদ্যালয়ত গণিত, বিজ্ঞানৰ দৰে গুৰুত্বপূর্ণ শিক্ষকৰ পদো দীর্ঘ দিন ধৰি খালী আছে৷ যাৰ বাবে পাঠদান প্রক্রিয়া ক্ষতিগ্রস্ত হৈছে৷ আছু, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন সংগঠনে এই শিক্ষকৰ পদ সমূহ পূৰণ কৰিবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে পদসমূহ পূৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বুলি অভিযোগ উঠিছে৷ নগাঁৱৰ সচেতন মহলে চৰকাৰক শীঘ্রে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ খালী হৈ থকা শিক্ষকৰ পদসমূহ শীঘ্রে পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে

You might also like