নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন চলি থকালৈকে স্কুল–কলেজ খোলা নহয়- ড০ শর্মা

নিয়মীয়া বাৰ্তা, ৬ জুনঃ কোৱাৰেণ্টাইন ব্যৱস্থা চলি থকালৈকে স্কুল–কলেজ খোলা নহয়৷ শুকুৰবাৰে নিশা শিৱসাগৰত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত এই কথা প্রকাশ কৰিছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
নিশা প্রায় ৯ বজাত শিৱসাগৰত উপস্থিত হৈ মন্ত্রী ড০ শর্মাই জিলা উপায়ুক্তৰ কার্যালয়ৰ চুকাফা ভৱনত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ প্রশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মন্ত্রী ড০ শর্মাই ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ লগতে বিভিন্ন বিদ্যালয়–মহাবিদ্যালৰ লগতে বিভিন্ন স্থানত কোৱাৰেণ্টাইনত থকা ব্যক্তিসকল যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই ক্ষেত্রত সতর্ক থাকিবলৈ আহ্বান জনায়৷
হোম কোৱাৰেণ্টাইনত থকাসকলৰ খোৱা–বোৱাকে ধৰি স্বাস্থ্যৰ বুজ ল’বলৈও নির্দেশ দিয়ে৷ তেওঁ আৰু জানিবলৈ দিয়া মতে, বর্তমানলৈকে ক’ৰোনাত আক্রান্ত অবিভক্ত শিৱসাগৰ জিলাৰ ২২গৰাকী ৰোগীৰ স্বাস্থ্য সুস্থিৰ হৈছে৷ তেওঁলোকক দুই–এদিনতে হাস্পতালৰ পৰা ৰিলিজ দিয়া হ’ব৷
You might also like