নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ২০২০ বর্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাৰ পৰা প্রথম বিভাগত উত্তীর্ণ হোৱা ২৭৯গৰাকী মেধাৱী ছাত্রীক আজি ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটী বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োই৷
কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজিত স্কুটী বিতৰণ কার্যসূচীত তেওঁ পাঁচগৰাকী ছাত্রীক আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে ৷ বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জে পি ব্রহ্মই নিজৰ আদৰণী ভাষণত ড০ বাণীকান্ত কাকতিৰ জীৱনপঞ্জী আৰু আদর্শৰ কথা দাঙি ধৰি ছাত্র–ছাত্রীসকলক অধ্যয়নৰ প্রতি গুৰুত্ব দিবলৈ আহ্বান জনায়৷ বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোই জ্ঞান অবিহনে জীৱন অসাৰ বুলি মন্তব্য কৰে৷ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা সুন্দৰ আঁচনি বুলি অভিহিত কৰি উক্ত আঁচনি শিক্ষার্থীৰ বাবে অনুপ্রেৰণাদায়ক বুলি মন্তব্য কৰে৷
দৰঙত প্রজ্ঞান ভাৰতী আঁচনিৰ যোগেদি ড০বাণীকান্ত কাকতি বঁটা বিতৰণ কৰে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই৷ মুখ্য অতিথি হিচাপে ভাগ লোৱা ৰাজ্যৰ পূর্বৰ শিক্ষা তথা বর্তমান গুৱাহাটী নগৰ উন্নয়ন, আইন, সমবায় বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য। লক্ষণীয় যে দৰং জিলা প্রশাসনৰ দ্বাৰা আয়োজিত আৰু প্রায় ১৫০০ শিক্ষার্থী, অভিভাৱকৰে ঠাহ খাই পৰা মঙলদৈস্থিত জিলা পুথিভঁৰাল প্রেক্ষাগৃহৰ কার্যসূচীত ভাগ লৈ বৌদ্ধিক দিশৰ লগতে কৌশলগতভাৱে কেইবাটাও ৰাজনৈতিক টুইষ্ট দিয়ে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই৷
অসম চৰকাৰৰ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি নলবাৰীত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্রদান কৰা হয়৷ নলবাৰী জিলাৰ পৰা উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত ২০২০ বর্ষত প্রথম বিভাগ পাই যি ৯১২গৰাকী ছাত্রীয়ে ড০ বাণীকান্ত কাকতি বঁটা পাবলৈ সক্ষম হৈছে তেওঁলোকক ৰাজ্যৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে শুভেচ্ছা জনায়