ৰাজ্যসভাৰ সাংসদ হিচাপে শপত ল’লে ভুবনেশ্বৰ কলিতা–বিশ্বজিৎ দৈমাৰীয়ে; বিৰত থাকে অজিত কুমাৰ ভূঞা
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ পুনৰ ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্রহণ কৰিলে ভুবনেশ্বৰ কলিতা আৰু বিশ্বজিত দৈমাৰীয়ে৷ কলিতাক পঞ্চমবাৰৰ বাবে আৰু দৈমাৰীক একেৰাহে তৃতীয়বাৰৰ বাবে উপ–ৰাষ্ট্রপতি তথা ৰাজ্যসভাৰ সভাপতি ভেংকাইয়া নাইডুয়ে আজি শপতবাক্য পাঠ কৰোৱায়৷ উল্লেখ্য যে ৰাজ্যসভাৰ পৰা প্রথমবাৰৰ বাবে নির্বাচিত সাংবাদিক অজিত কুমাৰ ভূঞাই আজি শপত গ্রহণ কৰাৰ পৰা বিৰত থাকে৷ দিল্লীত আহি শপত গ্রহণ কৰি অসমলৈ উভতি যোৱাৰ পিছত ১৪ দিনীয়া বাধ্যতামূলক ‘কোৱাৰেণ্টাইন’ত থকাৰ নীতিৰ বাবে ভূঞাই আজিৰ শপতগ্রহণ নকৰিলে বুলি তেওঁৰ ঘনিষ্ঠ সূত্রৰ পৰা জানিব পৰা গৈছে৷ ইপিনে, কংগ্রেছ সাংসদ হিচাপে যোৱা চাৰিবাৰ শপত গ্রহণ কৰা সাংসদ ভুবনেশ্বৰ কলিতাই পঞ্চমবাৰৰ বাবে শাসকীয় বিজেপি দলৰ সাংসদ হিচাপে আজি শপত গ্রহণ কৰে৷
জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ সংখ্যক অনুচ্ছেদ প্রত্যাহাৰক কেন্দ্র কৰি কংগ্রেছ নেতৃত্বৰ সৈতে হোৱা ‘মনোমালিন্য’ৰ পিছত কলিতাই যোৱা বছৰ কংগ্রেছৰ সাংসদ হিচাপে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল আৰু পিছত বিজেপিত যোগদান কৰিছিল৷ পুনৰ ৰাজ্যসভালৈ নির্বাচিত কৰাৰ বাবে দলৰ শীর্ষ নেতৃত্বক কৃতজ্ঞতা প্রকাশ কৰি কলিতাই মহামাৰীৰ এই জটিল সন্ধিক্ষণত ৰাইজৰ সেৱা কৰি যাব বুলি ব্যক্ত কৰে৷ আনহাতে, অসমৰ বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে ৰাজ্যৰ বান সমস্যক ৰাষ্ট্রীয় সমস্যা হিচাপে কেন্দ্রই যাতে স্বীকৃতি দিয়ে তাৰ বাবে ৰাজ্যসভাৰ মজিয়াত মাত মাতিব বুলিও কলিতাই প্রকাশ কৰে৷ ইপিনে, বি পি এফৰ হৈ বিশ্বজিত দৈমাৰীয়ে আজি তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে শপতবাক্য পাঠ কৰে৷ শপত গ্রহণৰ পিছত সংবাদ মাধ্যমৰ আগত দৈমাৰীয়ে কয় যে কেন্দ্রীয় মন্ত্রীসভাত উত্তৰ পূর্বাঞ্চলৰ পৰা এজন কেবিনেট মন্ত্রী হোৱাৰ প্রয়োজন আছে৷ এক সুদীর্ঘকাল ধৰি কেন্দ্রীয় মন্ত্রিসভাত উত্তৰ–পূর্বাঞ্চলৰ পৰা কোনো কেবিনেট মন্ত্রী নথকাৰ বাবেই অঞ্চলটোৰ সমস্যাসমূহৰ কথা কেবিনেট বৈঠকসমূহত উত্থাপিত নহয়৷
উল্লেখ্য যে ক’ৰোনা বিপর্যয়ৰ বাবেই স্বাধীন ভাৰতৰ ইতিহাসত প্রথমবাৰৰ বাবে সংসদৰ অধিৱেশন চলি নথকা অৱস্থাত সাংসদসকলে শপতবাক্য পাঠ কৰে৷ আজি মুঠ ৬৫জন সাংসদৰ শপতগ্রহণ কৰাৰ কথা আছিল যদিও মাত্র ৪৫জন সাংসদেহে শপত গ্রহণ কৰে৷ ভুবনেশ্বৰ কলিতাই আজি ইংৰাজীত শপতবাক্য পাঠ কৰাৰ বিপৰীতে সাংসদ বিশ্বজিত দৈমাৰীয়ে বডো ভাষাত শপতবাক্য পাঠ কৰে৷