ধুবুৰীত সম্ভাব্য বান পৰিস্থিতি সন্দৰ্ভত দ্বিতীয়খন বৈঠকঃ বান পৰিস্থিতিৰ প্ৰস্তুতিৰ বুজ ললে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াই
নিয়মীয়া বাৰ্তা, ১১ মেঃ সমাগত বাৰিষাত উদ্ভৱ হব পাৰা সম্ভাব্য বান পৰিস্থিতি মোকাবিলা কৰা সন্দৰ্ভত আলোচনা কৰিবলৈ আজি ধুবুৰীত জিলা পৰ্যায়ৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়৷ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া মানস শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ৰাজহ চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ বিষয়াসকল, জিলা প্ৰকল্প বিষয়া, ক্ষেত্ৰ বিষয়াসকলৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুগৰাকী ন’ডেল বিষয়া ক্ৰমে ধনজিৎ গগৈ আৰু মাৰিয়া খান উপস্থিত থাকে৷ ন’ডেল বিষয়া ধনজিৎ গগৈয়ে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ল’বলগীয়া আগতীয়া পদক্ষেপবোৰৰ বিষয়ে ব্যাখ্যা কৰে৷
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী