নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুইচাইড নোট লিখি আত্মহত্যা সচিবালয়ৰ কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ  অসম সচিবালয়ত কর্মৰত এগৰাকী কর্মচাৰীয়ে আত্মহননৰ পথ বাছি লোৱাক কেন্দ্র কৰি ৰহস্যৰ সৃষ্টি হৈছে৷ মহানগৰীৰ জৱাহৰ নগৰ হাউছিং কলনীত আত্মহত্যা কৰা সচিবালয়ৰ এই কর্মচাৰীজন হ’ল বিবেক দাস৷ তেওঁ সোমবাৰে বৰপেটাৰ নিজ ঘৰৰ পৰা আহিয়েই আত্মহত্যাৰ পথ বাছি লয়৷ পাছত নিজ আৱাসৰ বন্ধ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় দাসৰ মৃতদেহ৷

অসম সচিবালয়ৰ সাধাৰণ প্রশাসন বিভাগত জ্যেষ্ঠ সহায়ক হিচাপে কাম কৰা দাসে মৃত্যুৰ পূর্বে এখন ছুইচাইড নোট লিখি থৈ গৈছে৷ এই ছুইচাইড নোটখন উদ্ধাৰ হোৱাৰ পাছতে দুটা কণমানি সন্তানৰ পিতৃ দাসৰ আত্মহত্যাক লৈ ৰহস্য অধিক গাঢ় হৈ পৰিছে৷ কিয়নো ছুইচাইড নোটখনত অন্যৰ ভুলৰ বাবে তেওঁ জবাবদিহি হ’বলগীয়া হোৱাৰ কথা উল্লেখ কৰিছে দাসে৷

কর্মচাৰীজনে ছুইচাইড নোটত তেওঁ কেতিয়াও ভুল কৰা নাই বুলি উল্লেখ কৰি লিখিছে– মই কাম চোৰ নহয়৷ বেছিকৈ কাম কৰি মোৰ ভুল হোৱা বুলি ভাব হৈছে৷ যোৱা কিছুদিন ধৰি বিবেক দংশন হৈ আছে৷ অকুপেণ্ট কণ্ট্ৰেকটৰ সকলোকে হেল্প কৰি গৈছিলোঁ যোৱা চাৰি বছৰে৷ এফ এ যোৱাবছৰ কিবা ভুল কৰি এতিয়া যেন মইহে জবাবদিহি হ’বলগা হৈছে৷ মই চম্ভালিব নোৱাৰিলোঁ৷ নিজৰ মান–সন্মানৰ কাৰণে সকলোকে ছার্ভিচ দিব চেষ্টা কৰাটো মোৰ দোষ হ’ব নোৱাৰে৷ দোষ যদি সকলোবোৰৰ এটা বিচাৰ হ’ব লাগিব৷ শেষত মোৰ কণমানি ছোৱালীজনীৰ কাৰণে অজস্র মৰম আৰু মা, নৱনীতাক ছ’ৰী ক’লোঁ৷ মোৰ বিশ্বাস মোৰ নামত অফিচিয়েল কামত আজিলৈকে যিমান আহিছে, সকলোৱে মোৰ ৰেছপণ্ড এণ্ড বিহেভিয়াৰ দেখিছে৷ মোৰ কাৰণে অথৰিটী এমবেলেঞ্চমেণ্ট হোৱাটো মই নিবিচাৰোঁ৷ মই কিন্তু উইডআউট মেলাফাইট ইনটেনচন কামখিনি ক্লীয়াৰ কৰিব চেষ্টা কৰিছিলোঁ৷

আৰক্ষীয়ে ঘটনা সন্দর্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ আত্মীয় তথা সতীর্থ একাংশ কর্মচাৰীয়ে জানিবলৈ দিয়া মতে এটি ৪–৫ বছৰীয়া কন্যা আৰু এটা এবছৰীয়া সন্তান আছিল৷ পৰিয়ালৰ একমাত্র উপার্জনকাৰী দাসে দুই সন্তানৰ উপৰি মাতৃ আৰু পত্নীক ইহসংসাৰত এৰি থৈ গৈছে৷

You might also like