নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰ-কৰিমগঞ্জ-হাইলাকান্দি জিলাত ১৪৪ নং ধাৰাঃ সমদল আৰু সমাৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ১২ জুন : যোৱা কেইটামান দিন ধৰি কাছাৰ জিলাৰ বিভিন্ন স্থানত গণসমাৱেশৰ লগতে বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই সমূহ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ ফলতে ব্যাপক জমায়েত হৈছে আৰু কিছু ব্যক্তিয়ে সমাজবিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ পৰিবেশ সৃষ্টি হৈছে । উক্ত ঘটনাৰ স্বাভাৱিক জনজীৱনত শান্তি সম্প্রীতি বিঘ্নিত হোৱাৰ আশঙ্কা আছে। জিলাখনত যাতে কোনো ধৰণৰ সম্প্রীতি ভঙ্গ নহয় তাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ নং ধাৰা বলবৎ কৰা হৈছে।কাছাৰৰ অতিৰিক্ত জিলা মেজিস্ট্রেট দীপক জিডুং এ এটা আদেশত কাছাৰ জিলাৰ যিকোনো ঠাইত ৫(পাঁচ) বা ইয়াতকৈ বেছি লোকৰ সমাবেশ নিষিদ্ধ কৰা হৈছে। তদুপৰি জিলা খনত কোনো ব্যক্তিয়ে অস্ত্র, বিস্ফোৰক, লাঠি, বর্শা, শিল বা অইন কোনো সামগ্ৰী বহন কৰিব নোৱাৰিব ।কোনো ব্যক্তি,সংগঠনে কোনো ধৰণৰ সমদল আৰু সমাবেশ কৰিব নোৱাৰিব। সুনির্দিষ্ট অনুমতি নোহোৱাকৈ প্রতিবাদী কাৰ্যসূচী বা কোনো জনসভা আয়োজন কৰিব নোৱাৰিব । ৰাজহুৱা ঠাইত আৰু পথঘাটত যিকোনো‌ বাজি -পটকা জ্বলাব নোৱাৰিব । তদুপৰি কোনো ব্যক্তি আৰু সংস্থাই লাউডস্পিকাৰ ,মাইক্রোফোনৰ শব্দ ব্যবহাৰ কৰিব নোৱাৰিব। উক্ত আদেশ শীঘ্ৰে কাছাৰ জিলাত কার্যকৰ হ’ব আৰু পৰবর্তী আদেশ পর্যন্ত বাহাল থাকিব বুলি জনোৱা হৈছি। ইপিনে, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো ১৪৪ নং ধাৰা জাৰি কৰি যিকোনো ঠাইত ৫(পাঁচ) বা ইয়াতকৈ বেছি লোকৰ সমাবেশ নিষিদ্ধ কৰা হৈছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like