সষ্টম অসম আৰক্ষীঃ কটকটীয়া কৰা হৈছে মুখ্যমন্ত্রী ড০ শর্মাৰ নিৰাপত্তা বেষ্টনী
নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: খালিস্তানী বিচ্ছিন্নতাবাদীয়ে দিয়া ভাবুকিৰ পাছতেই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি খালিস্তানৰ সমর্থক ‘শিখ ফৰ জাষ্টিচ’ শীর্ষক সংগঠনটোৰ মুৰব্বী গুৰপটৱান সিং পান্নুৱে মুখ্যমন্ত্রীক উদ্দেশ্যি এটা ভাবুকিভৰা ভইচ ক্লিপ প্রেৰণ কৰাৰ পাছৰে পৰাই সষ্টম হৈ পৰিছে অসম আৰক্ষী৷ পূর্বৰ তুলনাত মুখ্যমন্ত্রীৰ নিৰাপত্তা অধিক সবল কৰি তোলা হৈছে৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন নাথে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দিশটো বিশেষভাৱে তদাৰক কৰি আছে৷ আজি ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা কথা–বতৰাত বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান নাথে কয়– মুখ্যমন্ত্রীৰ নিৰাপত্তা আমাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ৷ তেওঁৰ নিৰাপত্তাত কোনোধৰণৰ সুৰুঙা যাতে থাকি নাযায়, সেয়া সুনিশ্চিত কৰা হৈছে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু ৰাজ্যৰ প্রত্যেকখন জিলাৰ আৰক্ষী অধীক্ষকক এলার্ট কৰি দিয়া হৈছে৷ তেওঁ অসমৰ য’লৈকে নাযাওক কিয়, সকলোতে নিৰাপত্তা ব্যৱস্থা পূর্বতকৈ অধিক কটকটীয়া কৰি তোলা হ’ব৷ অকল অসমতেই নহয়, অসমৰ বাহিৰলৈ যিখন ৰাজ্যলৈ তেওঁ যাব উক্ত ৰাজ্যৰ আৰক্ষী বিভাগক আগতীয়াকৈ জনোৱা হ’ব বুলিও তেওঁ লগতে কয়৷ উল্লেখ্য যে কালি অহা ভাবুকিৰ ভইচ ক্লিপটোৰ পাছত অসম আৰক্ষীয়ে চিআৰপিএফ কর্তৃপক্ষৰ সৈতেও মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দিশটোক লৈ আলোচনাত মিলিত হয়৷ অতিৰিক্ত সঞ্চালকপ্রধান নাথে সদৰী কৰা মতে, সর্বভাৰতীয় পর্যায়ত মুখ্যমন্ত্রীৰ জেড প্লাছ নিৰাপত্তা পূর্বৰে পৰা আছে যদিও পূর্বৰ তুলনাত এই নিৰাপত্তা অধিক কটকটীয়া কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ লক্ষণীয় যে ডিব্রুগড় কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা ৮ খালিস্তানী উগ্রপন্থীক অসম চৰকাৰে অত্যাচাৰ কৰাৰ অভিযোগ তুলিছিল শিখ ফৰ জাষ্টিচ সংগঠনটোৰ মুৰব্বী গুৰপটৱান সিং পান্নুৱে৷ এই অত্যাচাৰ বন্ধ নকৰিলে মুখ্যমন্ত্রীয়ে ইয়াৰ বাবে জবাবদিহি হ’ব লাগিব বুলি ভাবুকি দিছিল৷ খালিস্তানী সন্ত্রাসবাদীজনৰ ভাবুকি দিয়া ভইচ ক্লিপ কালি অসমৰ বিভিন্ন জ্যেষ্ঠ সাংবাদিকৰ ম’বাইল নম্বৰলৈ আন নম্বৰৰ পৰা আহিছিল৷ ঘটনাটো সন্দর্ভত অসম আৰক্ষীয়ে কালিয়েই এছটিএফ আৰক্ষী থানাত গোচৰ ৰুজু কৰি বর্তমান তদন্ত অব্যাহত ৰাখিছে৷