নাগালেণ্ডৰ পৰা কয়লা পৰিবাহী ১০ ট্রাক জব্দঃ নিশা মৰিয়নিৰ ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: নাগালেণ্ডৰ পৰা অসমৰ লগতে অন্যান্য ৰাজ্যলৈ কয়লা লৈ যোৱা আঠখনড্রাক যোৱানিশা মৰিয়নি আৰক্ষীয়ে জব্দ কৰে৷ নাগালেণ্ডৰ পৰা চ্যুটাফলা তালাচী চকী পাৰ হৈ মৰিয়নি মোককচাং সংযোগী ৭০২ ডি নং ৰাষ্ট্রীয় ঘাইপথেৰে ড্রাকসমূহ আহিছিল৷ মৰিয়নিৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা কয়লা বোজাই ড্রাকসমূহ জব্দ কৰে৷ আৰক্ষীয়ে জব্দ কৰা ড্রাকসমূহ– এ এছ–০১ জি চি–৫০৯৯, এ এছ–২৫ এ চি–১২৫১, এন এল–০১ এ ই–২৯৯০, এ এছ–০১ জে চি– ২২৬১, এন এল–০১ কিউ–৩২৬২, এ এছ–০১ ডি ডি– ৯৯৬৬, এ এছ–২৬ চি–৭২২৩ আৰু এ এছ–২৫ চি চি–৫৫৪৬ নম্বৰৰ৷ বর্তমান ড্রাককেইখন মৰিয়নি থানাৰ সন্মুখত ৰখাই থোৱা আছে৷ আনহাতে, ১১ আৰু ১৪ জুলাইত এ এছ–০১ জি চি–২৮৭০ আৰু এ এছ–০৩ বি চি–৮৮৮৮ নম্বৰৰ আন দুখন ড্রাকো আৰক্ষীয়ে জব্দ কৰিছিল৷ সম্প্রতি উক্ত দুয়োখন ড্রাকো থানাৰ সন্মুখত ৰখাই থোৱা আছে৷ কিন্তু কয়লা বোজাই ড্রাককেইখন কি কাৰণত আৰক্ষীয়ে জব্দ কৰিছে, সেই বিষয়ে জানিব পৰা হোৱা নাই৷ আনহাতে, একাংশ ড্রাকৰ গৰাকীৰ মতে ড্রাকৰ লগতে কয়লা সৰবৰাহৰ যাৱতীয় সকলো বৈধ নথিপত্র মজুত আছে৷
আনহাতে, আৰক্ষীয়েও এই সম্পর্কত কোনো স্পষ্ট মত দিব নোৱাৰা বুলি ড্রাকৰ গৰাকীয়ে জানিবলৈ দিছে৷ ইফালে, স্থানীয় এক সূত্রই জানিবলৈ দিয়া মতে আৰক্ষীয়ে কেইখনমান ড্রাক জব্দ কৰিছে যদিও নির্দিষ্ট একাংশ ড্রাকক কোনো বাধা নোহোৱাকৈ যাবলৈ দিছে৷ যোৱানিশা তেনে ঘটনা সংঘটিত হোৱা বুলিও সূত্রটোৱে লগতে জানিবলৈ দিছে৷ ড্রাকসমূহে বোজাই কৰা কয়লা বৈধ নে অবৈধ সেয়াও জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে নাগালেণ্ডৰ পৰা নিশাৰ ভাগত নিতৌ একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে ক’লা হীৰা সৰবৰাহ কৰি অহা বুলি সততে অভিযোগ উঠি আহিছে৷ কিন্তু একাংশ তেনে কয়লা ব্যৱসায়ীৰ বাবেই এতিয়া কয়লা ব্যৱসায়ৰ সৈতে জডিত সকলো ব্যৱসায়ীয়েই অবৈধ কয়লা ব্যৱসায়ৰ সৈতে জডিত বুলি অভিযোগ উঠিছে৷ আৰক্ষীৰ সম্পূর্ণ অনুসন্ধানৰ পিছতহে সমগ্র বিষয়টো পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ সম্প্রতি ঘটনাটোৱে ৰহস্যৰো সৃষ্টি কৰিছে৷