নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী–শ্বাহে নিৰন্তৰভাৱে নজৰত ৰাখিছে অসম মিজোৰামৰ সীমা বিবাদ

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত অসম আৰক্ষীৰ ওপৰত আক্রমণৰ ঘটনাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বৃদ্ধি পাইছে ব্যৱধান৷ সীমাক কেন্দ্র কৰি সৃষ্টি হোৱা এই সংঘাত যাতে অদূৰ ভৱিষ্যতে পুনৰ সৃষ্টি নহয়, তাৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ আলোচনাৰ মাধ্যমেৰে দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ দূৰ কৰাৰ বাবেও পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ মাজতে অসম আৰু মিজোৰামৰ মাজৰ সীমা বিবাদ এক পুৰণি বিবাদ বুলি আখ্যা দিছে কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী অজয় মিশ্র টেনিয়ে৷ 

দেওবাৰে টেনিয়ে প্রকাশ কৰা অনুসৰি দুয়োখন ৰাজ্যৰ মাজৰ সীমা বিবাদ যথেষ্ট পুৰণি আৰু অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীয়ে গোচৰ ৰুজু কৰাটো এটা স্বাভাৱিক ঘটনা৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘দুয়োখন ৰাজ্যৰ সীমা বিবাদ যথেষ্ট পুৰণি৷ এই ঘটনা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নিৰন্তৰভাৱে নিৰীক্ষণ কৰি আছে আৰু সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ শীঘ্রে এই বিবাদৰ সমাধান ঘটিব৷ সীমা বিবাদক লৈ অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হোৱাটো স্বাভাৱিক ঘটনা৷’

উল্লেখ্য যে মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে ৬গৰাকী বিষয়া আৰু ২০০ আৰক্ষী জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ ইয়াৰ মাজতে বিবদমান এলেকাৰ নিৰাপত্তাৰ দায়িত্ব নিৰপেক্ষ বাহিনী হিচাপে চি আৰ পি এফক প্রদান কৰা হৈছে৷

উত্তৰ–পূর্বাঞ্চলৰ সীমা বিবাদ দূৰ কৰাৰ বাবে ব্যৱহাৰ হ’ব ছেটেলাইট মেপিং

উত্তৰ–পূর্বাঞ্চলৰ সীমা বিবাদ দূৰ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে ব্যৱহাৰ কৰিব ‘ছেটেলাইট মেপিং’৷ কেন্দ্রীয় চৰকাৰৰ উচ্চপদস্থ বিষয়াই সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি উত্তৰ–পূর্বাঞ্চল স্পেচ এপ্লিকেচন চেণ্টাৰক ইতিমধ্যে মানচিত্রকৰণৰ লগতে উপগ্রহীয় চিত্রৰ জৰিয়তে ৰাজ্যৰ সীমাসমূহ নির্ধাৰণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নির্দেশমর্মে উপগ্রহীয় চিত্রৰ জৰিয়তে সীমা নির্ধাৰণ ব্যৱস্থা কৰা হৈছে৷

বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘বিজ্ঞানসন্মত পদ্ধতিৰে সীমা নির্ধাৰণ কৰিলে বিসংগতি হোৱাৰ সম্ভাৱনা যথেষ্ট কম৷ যাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ মাজত সীমা সমস্যা সমাধানৰ গ্রহণযোগ্যতা অধিক বৃদ্ধি হ’ব৷’

You might also like