নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক সৌন্দৰ্য ঠাকুৰীয়া আৰু নাই

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ উপ–সম্পাদক তথা বিশিষ্ট সাংবাদিক সৌন্দর্য ঠাকুৰীয়া আৰু নাই ৷ কালি নিশা মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লয় সাংবাদিকগৰাকীয়ে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্রায় ৫৬ বছৰ ৷ দক্ষিণ কামৰূপৰ কুকুৰামাৰা খাৰভাঙা নিৱাসী কৃষ্ণ কুমাৰ ঠাকুৰীয়া আৰু শুকান্তি ঠাকুৰীয়াৰ পুত্র সৌন্দর্য ঠাকুৰীয়াই বিগত প্রায় এবছৰ ধৰি যকৃতজনিত ৰোগত আক্রান্ত হৈ আছিল৷ দিল্লী, হায়দৰাবাদকে ধৰি বহিঃৰাজ্যৰ কেইবাখনো উন্নত চিকিৎসালয়ত তেওঁ চিকিৎসাও গ্রহণ কৰিছিল ৷ কিছু পৰিমাণে সুস্থ হৈছিল যদিও বিগত কেইদিনমানৰ পৰা অসুখ পুনৰ বৃদ্ধি হোৱাত পৰিয়ালৰ লোকে মহানগৰীৰ হায়াত হস্পিতালত তেওঁক ভর্তি কৰায়৷ কিন্তু উন্নতমানৰ চিকিৎসাৰ পাছতো কালি নিশা প্রায় ১০.৩০ বজাত তেওঁ সকলোকে কন্দুৱাই অনন্তধামলৈ গতি কৰে৷ অৱশ্যে পৰিয়ালবর্গই অভিযোগ কৰা মতে সম্পূর্ণ সুস্থ হৈ থকা ঠাকুৰীয়াৰ হায়াত হাস্পতালৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেহে মৃত্যু হৈছে৷ অসমৰ সংবাদ ক্ষেত্রখনত দীর্ঘদিন ধৰি কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট সৌন্দর্য ঠাকুৰীয়াই জনক্রান্তি, দৈনিক অগ্রদূত, আমাৰ অসম, অধুনালুপ্ত চেনেল ফ্রণ্টিয়াৰ টিভিত কাম কৰি অহাৰ লগতে নিজাকৈ তেওঁ ‘সাপ্তাহিক দেওবাৰ’ নামৰ কাকত এখনো প্রকাশ কৰিছিল৷ ‘নিয়মীয়া বার্তা’ কাকতৰ জন্মলগ্ণৰে পৰা উপ–সম্পাদক হিচাপে কাম কৰা ঠাকুৰীয়াই মৃত্যুৰ পূর্বে কাকতখনৰ জ্যেষ্ঠ উপ–সম্পাদক ৰূপে কর্তব্যৰত আছিল৷ সাংবাদিকতাৰ বাদেও গীতিকাৰ আৰু অভিনেতা হিচাপে তেওঁৰ আছিল আন এক সুনাম৷ বহুকেইখন ভিচিডি এলবামত অভিনয় কৰা সৌন্দর্য ঠাকুৰীয়াই গুপ্তহত্যা, সাধনা নামৰ দুখন গ্রন্থও প্রকাশ কৰিছিল৷ টেলিভিছন চেনেলত সম্প্রচাৰিত হোৱা বহুকেইখন ধাৰাবাহিকৰ ভিতৰত ‘শুকুলা মেঘৰ ছাঁ’ ধাৰাবাহিকখনত কৰা অভিনয় আছিল তেওঁৰ জীৱনৰ অন্যতম বৈশিষ্ট্য৷ গুৱাহাটী দূৰদর্শন কেন্দ্রযোগে সম্প্রচাৰ হোৱা বিভিন্ন বিজ্ঞাপনতো সৌন্দর্য ঠাকুৰীয়াই সুন্দৰ অভিনয়েৰে দর্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ গীতিকাৰ হিচাপেও জনপ্রিয়তা অর্জন কৰা ঠাকুৰীয়াই বিভিন্ন সময়ত বহু মঞ্চত আধুনিক অসমীয়া গীত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ আজি তেওঁৰ মৃতদেহ গুৱাহাটীৰ পৰা পোনে পোনে জন্মগাঁও খাৰভাঙালৈ নিয়া হয়৷ তাতেই অগণন গুণমুগ্ধই তেওঁৰ মৃতদেহত শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পাছত ২নং আমতলা সত্র গাঁৱৰ ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ উল্লেখ্য যে প্রায় ৪ বছৰ পূর্বে নৱমমান শ্রেণীত অধ্যয়নৰত একমাত্র পুত্র উদ্দীপন ঠাকুৰীয়াৰ মৃত্যুত একপ্রকাৰ মানসিকভাৱে ভাগি পৰিছিল সাংবাদিকগৰাকী ৷ মৃত্যুৰ সময়ত পত্নী মালবিকা ঠাকুৰীয়া, কন্যা দৃষ্টি সীমনা ঠাকুৰীয়াৰ লগতে বহু আত্মীয়-স্বজনক তেওঁ ইহসংসাৰত এৰি যায়৷

‘নিয়মীয়া বাৰ্তা’ৰ কার্যালয়ত শোকসভা

জ্যেষ্ঠ সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ উপ–সম্পাদক সৌন্দর্য ঠাকুৰীয়াৰ মৃত্যুত আজি শোকত ম্রিয়মাণ হৈ পৰে কাকতখনৰ সহকর্মীসকল৷ ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা আৰু কার্যবাহী সম্পাদক অমল দাসৰ পৌৰোহিত্যত এখন শোকসভা অনুষ্টুপীয়াকৈ ‘নিয়মীয়া বাৰ্তা’ৰ কার্যালয়ত অনুষ্ঠিত হয়৷ প্রয়াত সাংবাদিক ঠাকুৰীয়াৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে সকলো সহকর্মী৷ কাকতখনৰ সম্পাদক নৰেশ কলিতাই প্রয়াত সাংবাদিকগৰাকীৰ স্মৃতি সুঁৱৰি কয় যে সৌন্দর্য ঠাকুৰীয়াৰ মৃত্যু কাকতখনৰ বাবে অপূৰণীয় ক্ষতি৷ বিভিন্ন খণ্ডত কাকতখনত সেৱা আগবঢ়োৱা ঠাকুৰীয়াই নিষ্ঠাসহকাৰে সকলো দায়িত্ব পালন কৰিছিল৷ বিগত ৬মাহ ধৰি শাৰীৰিক স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতো কাকতখনৰ প্রতি দায়িত্ব পালনত কোনোধৰণৰ ত্রুটি ৰখা নাছিল ঠাকুৰীয়াই৷ ‘নিয়মীয়া বার্তা’ৰ কার্যবাহী সম্পাদক অমল দাসে এই মৃত্যু বৰ মর্মান্তিক বুলি মন্তব্য কৰি কয়- এগৰাকী ভাল সহকর্মী, বন্ধু হেৰুৱালো৷ তেখেতৰ অনাকাংক্ষিত প্রস্থান আমাৰ বাবে অতিশয় দুখজনক৷ উল্লেখ্য যে জ্যেষ্ঠ সহকর্মীগৰাকীৰ মৃত্যুত আজি ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত ২ মিনিট সময় মৌন প্রার্থনা জনোৱা হয়৷ ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ উপ–সম্পাদক সৌন্দর্য ঠাকুৰীয়াৰ মৃত্যুত শোকপ্রকাশ কৰিছে গুৱাহাটী প্রেছ ক্লাবে৷ প্রেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতিযোগে অসমৰ সংবাদক্ষেত্রলৈ অনবদ্য অৱদান আগবঢ়োৱা সৌন্দর্য ঠাকুৰীয়া চিৰদিনৰ বাবে সকলো সাংবাদিকৰ মনত স্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ দক্ষিণ কামৰূপৰ আগশাৰীৰ বাতৰি কাকত পৰিৱেশক ৰামপুৰৰ কালীকান্ত নিউজ এজেন্সীৰ স্বত্বাধিকাৰী তথা সাংবাদিক বিমল শর্মা, হোজাই প্লেছ ক্লাবৰ সভাপতি সঞ্জীত সৰকাৰ আৰু সম্পাদক সঞ্জীত দে, জিলা সাংবাদিক সন্থাৰ সম্পাদক লিতুমণি নাথ, ছয়গাঁও প্রেছ ক্লাব প্রমুখ্যে বিভিন্ন দল–সংগঠনে শোকপ্রকাশ কৰিছে৷

You might also like