নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছার্ভাৰ ডাউনঃ অনলাইনত নাম পঞ্জীয়নৰ নামত লাখ লাখ নিবনুৱাৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ অনলাইনযোগে ৰাজ্যৰ নিবনুৱাৰ পঞ্জীয়ন কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপ চূড়ান্ত প্রহসনত পৰিণত হৈছে৷ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱা ৰাজ্যৰ লাখ লাখ নিবনুৱাই এইবাৰ হাহাকাৰ কৰিবলগীয়া হৈছে অনলাইন মাধ্যমেৰে নিয়োগ বিনিময় কেন্দ্রত নামভর্তিকৰণত৷ ৰাজ্য চৰকাৰৰ জাননীৰ পাছতেই অনলাইন পঞ্জীয়ন প্রক্রিয়া আৰম্ভ হ’ল যদিও ছার্ভাৰ ডাউন হোৱাৰ সমস্যাই একপ্রকাৰ ভাৰাক্রান্ত কৰি তুলিছে নিবনুৱাসকলক৷ নাম পঞ্জীয়নৰ বাবে ৱেবছাইট খোলাৰ পাছতে ছার্ভাৰ ডাউন হৈ থকাৰ বাবে যাৱতীয় প্র–পত্র পূৰণ কৰাত ব্যর্থ হৈছে নিবনুৱা যুৱক–যুৱতীসকল৷ বিগত কেইবাদিনো ধৰি ৰাজ্য চৰকাৰে প্রকাশ কৰা ৱেবছাইটৰ ছার্ভাৰ ডাউন হৈ থকাৰ অভিযোগ উত্থাপন হৈছে৷ একে সময়তে পূর্বে জিলা নিয়োগ বিনিময় কেন্দ্রসমূহত নামভর্তি কৰা প্রার্থীসকল এইক্ষেত্রত অধিক সমস্যাৰ সন্মুখীন হৈছে৷ কিয়নো আগন্তুক বহু মাহলৈ বৈধ হৈ থকা এই পঞ্জীয়নসমূহ পুনৰ অনলাইনৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ কালি অর্থাৎ ৩১ মার্চত শেষ সময়সীমা নির্ধাৰণ কৰা হৈছিল৷ যাৰ বাবে শেহতীয়াকৈ বিগত সপ্তাহজুৰি পূর্বে পঞ্জীয়ন কৰা নিবনুৱা যুৱক–যুৱতীসকলে অনলাইন মাধ্যমৰ জৰিয়তে পুনৰ পঞ্জীয়ন কৰিবলৈ কৰা চেষ্টা ব্যর্থ হৈছে৷ অর্থাৎ তেওঁলোকে অনলাইন মাধ্যমৰ জৰিয়তে নাম পঞ্জীয়ন কৰিবলৈ সুবিধা লাভ নকৰিলে৷ বহু যুৱক–যুৱতীয়ে অনলাইন পদ্ধতি পুনৰ পঞ্জীয়নৰ বাবে কোনো লিংক অথবা ‘অপচন’ লাভ নকৰাৰো অভিযোগ উত্থাপন কৰিছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে কেবিনেটত যোৱা ৭ জুলাইত নিয়োগ বিনিময় কেন্দ্রৰ সকলো পঞ্জীয়ন প্রক্রিয়া অনলাইন মাধ্যমেৰে কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ পাছতে ১৯ জুলাইত আনুষ্ঠানিকভাৱে প্রকাশ কৰা হয় ৰাজ্য চৰকাৰৰ অধিসূচনা৷ এই অধিসূচনা অনুসৰি যিসকলে আধাৰ কার্ড অবিহনে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়নৰ বাবে আবেদন কৰিব, তেওঁলোকে পৰৱর্তী সময়ত ৩১ মার্চৰ ভিতৰত সংশ্লিষ্ট কেন্দ্রলৈ গৈ যাৱতীয় নথি–পত্র পৰীক্ষণ কৰিব লাগিব৷ একে সময়তে যিসকলে পূর্বে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিছিল আৰু তেওঁলোকৰ পঞ্জীকৃত কার্ডৰ এতিয়াও বৈধতা আছে, তেওঁলোকক পূর্বৰ পঞ্জীয়ন নম্বৰ অনলাইন মাধ্যমৰ জৰিয়তেও সন্নিৱিষ্ট কৰাৰ সুযোগ দিয়া হ’ব বুলি চৰকাৰী অধিসূচনাত প্রকাশ কৰিছিল৷ অৱশ্যে ইতিমধ্যে নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰা নিবনুৱা যুৱক–যুৱতীসকলে তেওঁলোকৰ পুৰণি পঞ্জীয়ন নম্বৰ অনলাইনৰ জৰিয়তে সন্নিৱিষ্ট কৰাৰ সময়সীমা আজিলৈ নির্ধাৰণ কৰা হৈছিল৷ অর্থাৎ আজিৰ পৰা পূর্বে নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰা যুৱক–যুৱতীসকলে অনলাইন মাধ্যমত পুৰণি নম্বৰ সন্নিৱিষ্ট কৰাৰ সুযোগ লাভ নকৰিব৷ যাৰ বাবে বিগত কেইবাদিনো ধৰি বহুসংখ্যক যুৱক–যুৱতীয়ে অনলাইন মাধ্যমৰ জৰিয়তে তেওঁলোকৰ পুৰণি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে৷ কিন্তু তেওঁলোকে ছার্ভাৰ ডাউন থকাৰ বাবে এই প্রক্রিয়া সম্পূর্ণ কৰিবলৈ সক্ষম নহ’ল৷

ইয়াৰ পৰিপ্রেক্ষিত এই নিবনুৱা যুৱক–যুৱতীসকলে পুনৰ নতুন নিবনুৱা হিচাপে অনলাইন পঞ্জীয়ন কৰিব লাগিব৷ সমান্তৰালভাৱে অনলাইন প্রক্রিয়াৰে নাম পঞ্জীয়নৰ ক্ষেত্রত বহুতৰ ঘৰত সা–সুবিধা নথকা বাবে ডিটিপি চেণ্টাৰ অথবা ইণ্টাৰনেট কাফেসমূহলৈ গৈ নাম পঞ্জীয়ন কৰিবলগীয়া হৈছে৷ ইয়াৰ বাবদ প্রতিজন নিবনুৱা যুৱক–যুৱতীয়ে ভৰিবলগীয়া হৈছে ২০০–৩০০ টকা৷ চাকৰিৰ আবেদনৰ বাবে মাচুল প্রদানৰ উপৰি পুনৰ অনলাইন নাম পঞ্জীয়নৰ বাবে এনেদৰে ধন ভৰিবলগীয়া হোৱাত হাহাকাৰৰ সন্মুখীন হৈছে নিবনুৱা যুৱক–যুৱতীসকল৷ উল্লেখ্য যে শেহতীয়াকৈ ২৬ হাজাৰৰো অধিক পদৰ বাবে ৰাজ্য চৰকাৰে বিজ্ঞাপন প্রকাশ কৰিছে৷ শীঘ্রে এই পদসমূহৰ বাবে আবেদন প্রক্রিয়া আৰম্ভ হোৱাৰ প্রাক্ক্ষণত নিয়োগ বিনিময় কেন্দ্রত নামভর্তিৰ বাবে যুৱক–যুৱতীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ বাবে ইণ্টাৰনেট সুচল নোহোৱাত তেওঁলোক অধিক সমস্যাৰ সন্মুখীন হ’ব৷

You might also like