নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : অসম সাহিত্য সভা-ৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা ‘সেতুবন্ধ’ কাৰ্যসূচী অনুসৰি দেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিবলৈ কাছাৰ, শ্ৰীভুমি আৰু হাইলাকান্দি জিলাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত আৰু অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্ৰীবন্ধন উপ-সমিতিৰ সৌজন্যত অহা ১৭, ১৮, আৰু ১৯ মে’ত সেতুবন্ধ যাত্ৰা-৪ আৰম্ভ কৰিব৷
বৰাক উপত্যকাৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ সৌহাদ্যপুৰ্ণ সহৱস্থানসহ অন্যান্য বিষয়ৰ ওপৰত অধ্যয়ন কৰাৰ লগতে বৰাক উপত্যকাৰ বিশিষ্ট নাগৰিক, কবি, সাহিত্যিক লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী, বুদ্ধিজীৱী, সমাজসেৱীসকলৰ লগত মত বিনিময় কৰিব৷
এই ‘সেতুবন্ধ’ যাত্ৰাত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ উপৰি, সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, প্ৰধানসম্পাদক দেৱজিৎ বৰা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেন শৰ্মা, সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্ৰী বন্ধন উপ-সমিতিৰ আহ্বায়ক ৰমেন ভৰালী, অনুবাদ সাহিত্যৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, যুৱ সংসদ উপ-সমিতিৰ আহ্বায়ক গৌতম গগৈ, সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ মৃয় নাথ, চাহ জনগোষ্ঠী ভাষা-সাহিত্য-সংস্কৃতি বিকাশ উপ-সমিতিৰ আহ্বায়ক দিগন্ত কুমাৰ ভুঞা, নাট্য-সাহিত্য উপ-সমিতিৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা, সামাজিক মাধ্যমৰ সময়ক স্বৰ্গজ্যোতি চেতিয়া, অঞ্জনা গোস্বামী, ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আহ্বায়ক নুৰুল চুলতান আৰু দিলীপ শইকীয়াই অংশগ্ৰহণ কৰিব বুলি অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই জনাইছে৷
উল্লেখ্য যে ১৭ মে’ৰ দিনৰ ১১ বজাত সাহিত্য সভাৰ দলটোৱে হাইলাকান্দি জিলা সাহিত্য সভাৰ উদ্যোগত শ্যামসুন্দৰ উৎসৱ ভৱনত আয়োজন কৰা ‘মন জুৰুৱা অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব৷ হাইলাকান্দিৰ উক্ত অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে হাইলাকান্দিৰ বিশিষ্ট লেখক, সাহিত্যিক, কবি আদিৰ উপৰিও সাহিত্য সভাৰ ন-পুৰণি কাৰ্যকৰ্তাসকল, আজীৱন সভ্যসকলৰ সৈতে মত বিনিময় কৰিব৷
তাৰ পাছত দলটোৱে হাইলকান্দি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰিব৷ তাৰ পাছত দলটো শ্ৰীভূমি জিলালৈ ৰাওনা হ’ব৷ বিয়লি ৪ বজাত শ্ৰীভূমি জিলাৰ বিশ্বৰূপা বিবাহ ভৱনত ‘মন জুৰুৱা অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব৷ তাৰ পাছত দলটোৱে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়বৰ্গৰ সৈতে মত বিনিময় কৰিব৷ ১৮ মে’ পুৱা সাহিত্য সভাৰ দলটোৱে শিলচৰৰ সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক শিলচৰ অধিৱেশন আয়োজন কৰিবৰ নিমিত্তে আদৰণী সমিতি গঠন কৰিবৰ বাবে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব৷
উক্ত সভাত অসম চৰকাৰৰ মাননীয় মন্ত্ৰীদ্বয় ক্রমে কৌশিক ৰয় আৰু কৃষেন্দু পাল, তিনিওখন জিলাৰ অসম বিধান সভাৰ বিধায়কসকলে অংশগ্ৰহণ কৰিব৷ তাৰ পৰৱৰ্তী সময়ত সাহিত্য সভাৰ দলটোৱে কাছাৰ মহাবিদ্যালয়ত এক ‘মন জুৰুৱা অনুষ্ঠান’ত অংশগ্ৰহণ কৰিব৷ ১৯ মে’ পুৱা ৬-৩০ বজাত শ্বহীদ স্মৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷
তাৰ পৰৱৰ্তী সময়ত সঁজাতি দলটোৱে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে সাক্ষাৎ কৰি এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ বাংলা সাহিত্য সভা অসমৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অসম সাহিত্য সভাৰ তৰফৰ পৰা অসম বিশ্ববিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা, ড০ ভূপেন হাজৰিকাৰ নামত এটি প্ৰেক্ষাগৃহ নামাকৰণ কৰা আৰু অসম বিশ্ববিদ্যালয়ত অসম সাহিত্য সভাৰ উদ্যোগত বাংলা সাহিত্য সভা অসম আৰু অসম বিশ্ববিদ্যালয়ৰ সহযোগত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ এটি কাৰ্যক্রম আয়োজন কৰিবৰ বাবে উপাচাৰ্যক অনুৰোধ কৰিব৷ সন্ধিয়া প্ৰতিনিধি দলটোৱে ভাষা শ্বহীদ, ষ্টেচন শ্বহীদ স্মৰণ সমিতিৰ উদ্যোগত আয়োজিত মুকলি অধিৱেশনত অংশগ্ৰহণ কৰিব৷