নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ হোটেলত গ্ৰেপ্তাৰ শেৱালি দেৱী

নিয়মীয়া বাৰ্তা, ৯ মে’: আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰিও ৰক্ষা নহ’ল এছচিইআৰটি কেলেংকাৰিৰ মূল অভিযুক্ত–দুর্নীতিগ্রস্ আইএএছ বিষয়া শেৱালি দেৱী শর্মাৰ৷ দীর্ঘদিনীয়া তদন্তৰ পাছত অৱশেষত ৰাজস্থানৰ আজমেৰৰ ‘ক্র’ছলেণ্ড’ নামৰ এখন বিলাসী হোটেলত দুই সহযোগী ক্রমে জোঁৱায়েক অজিত পাল সিং, ঘনিষ্ঠ ঠিকাদাৰ বন্ধু ৰাহুল আমিনৰ লগতে এগৰাকী যুৱতী পৰিচাৰিকাসহ আত্মগোপন কৰি থকা অৱস্থাত আজি পুৱা প্রায় ৫.৩০ বজাত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী দলে গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি তদন্তকাৰী আৰক্ষীয়ে বিষয়া শেৱালি দেৱী শর্মাসহ ঠিকাদাৰদ্বয় ক্রমে অজিত পাল সিং আৰু ৰাহুল আমিনৰ সন্ধান বিচাৰি আছিল৷ বিভিন্ন কাৰিকৰী সাক্ষ্য আৰু গোপন সূত্রৰ খবৰৰ ভিত্তিত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ এটা দলে কালিৰে পৰা আজমেৰত বাহৰ পাতি স্থানীয় আৰক্ষীৰ সহায়ত শেৱালি দেৱী শর্মাৰ লগতে বাকীকেইজনকো কৰায়ত্ত কৰে৷ আজি চাৰিওজনকে ৰাজস্থানৰ স্থানীয় আদালতত হাজিৰ কৰি ট্রানজিট ৰিমাণ্ডত কাইলৈ বিয়লিৰ ভাগত গুৱাহাটীলৈ অনা হ’ব বুলি জানিব পৰা গৈছে৷

কিদৰে পলায়ন কৰিছিল শেৱালিয়ে?

এছচিইআৰটিৰ ১০৫ কোটিটকীয়া বিয়াগোম কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাৰ পাছতে বিদ্যালয় শিক্ষা বিভাগৰ প্রতিবেদনমর্মে ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে এএপি ৪১/২০২৩/৫ নম্বৰৰ এটা নির্দেশনাযোগে কৃষি বিভাগৰ সচিব পদত কার্যনির্বাহ কৰি থকা শেৱালি দেৱী শর্মাক চাকৰিৰ পৰা নিলম্বন কৰিছিল৷ নিলম্বনৰ নির্দেশনাটোত এটা কথা স্পষ্ট কৰি দিয়া হৈছিল যে শেৱালি দেৱী শর্মাই কোনো কাৰণতে তদন্তৰ সময়ছোৱাত গুৱাহাটী এৰিব নোৱাৰিব৷ পৰৱর্তী সময়ত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষেও জেৰালৈ মাতোতে বিষয়াগৰাকীক বাৰম্বাৰ গুৱাহাটী নেৰাৰ কথা সকীয়াই দিছিল৷ তদন্তকাৰী বিষয়াক সেইমতে সহযোগ কৰাৰ প্রতিশ্রুতিও দিছিল বিষয়া শর্মাই৷ কিন্তু সকলো তথ্য–প্রমাণ যুগুত কৰি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্রেপ্তাৰ সংক্রান্তীয় ফাইল গৃহ বিভাগলৈ প্রেৰণ কৰাৰ পাছতে বিভাগে যোৱা ১ মে’ত গ্রেপ্তাৰৰ ফাইলত অনুমোদন জনাইছিল৷ নিজস্ব বিশ্বস্ত সূত্রৰ জৰিয়তে গৃহ বিভাগৰ এই গোপন কথা অৱগত হৈ ১ মে’ৰ দিনাখনেই ধুৰন্ধৰ বিষয়া শর্মাই আন দুজন সহযোগী ক্রমে জোঁৱায়েক অজিত পাল সিং আৰু ঠিকাদাৰ ৰাহুল আমিনৰ সৈতে এগৰাকী পৰিচাৰিকাক লগত লৈ গাড়ীৰে প্রথমতে শিলিগুড়ি অভিমুখে ৰাওনা হয়৷ আৰক্ষীৰ চকুত ধূলি মাৰিবলৈ ধুৰন্ধৰ বিষয়া শর্মাই লগত নিয়া গাড়ীখন শিলিগুৰিত এৰি তাৰ পৰা বিমানেৰে দিল্লীলৈ উৰা মাৰে৷ দিল্লীত এৰাতি কটাই পিছদিনাখন অর্থাৎ ২ মে’ত লক্ষ্ণৌ অভিমুখে যাত্রা কৰে শর্মাই৷ তাতে সেইদিনা কটাই ৩ মে’ত মহাৰাষ্ট্রৰ মুম্বাই অভিমুখে পুনৰ বিমান যাত্রা কৰা শেৱালিয়ে৷ ৩ আৰু ৪ মে’ত মহাৰাষ্ট্রত কটাই ৫ মে’ত আগ্রা অভিমুখে বিমানেৰে যাত্রা কৰে৷ আগ্রাৰ পৰা ৬ মে’ত গাড়ীৰে ৰাজস্থানৰ আজমেৰত আহি উপস্থিত হৈ হোটেল ক্র’ছলেনত দুটা কোঠা ভাৰালৈ লয়৷ তাতেই চাৰিওজনে বাহৰ পাতে৷ আৰক্ষী সূত্রই জনোৱা মতে, তদন্তকাৰী আৰক্ষীক বিভ্রান্ত কৰাৰ স্বার্থতেই শেৱালিয়ে এনেদৰে স্থান সলনি কৰি বিভিন্ন স্থানত আত্মগোপন কৰি আছিল৷ দুর্নীতিগ্রস্ত বিষয়াজনৰ এই গতিবিধিৰ খবৰ প্রতিটো মুহূর্ততে আৰক্ষীয়ে লাভ কৰি আছিল যদিও সুযোগৰ অপেক্ষাত আছিল আৰক্ষী দল৷ সেইমর্মে কালি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ বিষয়াই আজমেৰলৈ গৈ খোপনি পোতে৷ তাৰ পাছত আজি পুৱাই শেৱালিয়ে থকা নির্দিষ্ট কোঠালিটোত টুকুৰিয়াই পৰিচাৰিকা যুৱতীগৰাকীৰ সৈতে একেলগে থকা অৱস্থাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে তেওঁক৷ তদন্তকাৰী দলক প্রত্যক্ষ কৰি হতভম্ব হৈ পৰা বিষয়া শর্মাই একপ্রকাৰ হতাশ হৈ পৰে বুলি সূত্রটোৱে কয়৷ ইপিনে, ৰাজস্থানৰ আজমেৰত শেৱালি দেৱী শর্মা এণ্ড কোম্পানীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছতেই আজি গুৱাহাটীত গ্রেপ্তাৰ কৰা হয় শর্মাৰ নুমলীয়া জীয়াৰী বিজেতা শর্মাক৷ কিছুদিন পূর্বে বিজেতাৰ স্বামী খাইৰুল ৰহমানকো আৰক্ষীয়ে জেৰাৰ বাবে মাতিছিল যদিও উক্ত কেলেংকাৰিত তেওঁৰ বিশেষ ভূমিকা নথকাত যাবলৈ দিয়া হয়৷ সূত্রটোৱে জনোৱা মতে, বিষয়া শর্মাৰ জীয়াৰী বিজেতাৰ একাউণ্টতো এছচিইআৰটিৰ প্রায় ৪.৯৯ কোটি টকা সোমাইছিল আৰু সেইসূত্রেই বিজেতাক গ্রেপ্তাৰ কৰা হৈছে৷ ধৃত ঠিকাদাৰ ৰাহুল আমিনৰ ঠিকাদাৰী ফার্মত সহযোগী হিচাপে আছিল বিজেতা শর্মা৷ আজি আৰক্ষীয়ে বিজেতাক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰে৷ আদালতে শর্মাক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

You might also like