বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ এখন নতুন বিলাসী গাড়ী কিনাৰ কথা আপুনিও ভাবি আছে নেকি? তেন্তে সোনকাল কৰক। কাৰণ, ১ এপ্ৰিলৰ পৰা বহুতো প্ৰতিষ্ঠানৰ বিলাসী গাড়ীৰ দাম আৰু বাঢ়িব। গাড়ী নিৰ্মাণৰ ব্যয় বৃদ্ধিৰ বাবে কোম্পানীবোৰে এই মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। উল্লেখনীয় যে, যোৱা তিনি বছৰত ২৫ ৰ পৰা ৩০ শতাংশলৈ বাঢ়িছে বিলাসী বাহনৰ মূল্য। গাড়ী নিৰ্মাণত প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্ধিত মূল্যই পোনপটীয়া প্ৰভাৱ পেলাইছে। বিএমডব্লিউ, টয়োটা, মাৰ্চিডিজ-বেঞ্জ, অ’ডিকে ধৰি কেইবাটাও কোম্পানীয়ে জনাইছে যে তেওঁলোকে বাহনৰ মূল্য বৃদ্ধি কৰিব। বিএমডব্লিউৱে সকলো গাড়ীৰ মূল্য ১ এপ্ৰিলৰ পৰা ৩.৫ শতাংশ বৃদ্ধি কৰিব। টয়োটাই সকলো ম’ডেলৰ মূল্য ৪ শতাংশলৈকে বৃদ্ধি ঘোষণা কৰিছে। অ’ডিয়ে বঢ়াব ৩ শতাংশকৈ।