ছহিদ আৰু নিৰ্যাতিতৰ সাহাৰ্য ন্যাসত ছহিদ দিৱসৰ আয়োজন
নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ প্ৰতিবছৰে পালন কৰি অহাৰ দৰে এইবাৰো অহা ১০ ডিচেম্বৰত গুৱাহাটীৰ উজান বজাৰস্থিত ছহিদ আৰু নিৰ্যাতিতৰ সাহাৰ্য ন্যাসৰ কাৰ্যালয় প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে ছহিদ দিৱসৰ কাৰ্যসূচী পালনৰ আয়োজন কৰা হৈছে বুলি ন্যাসৰ অধ্যক্ষ শ্ৰীদেৱেশ্বৰ ভট্টাচাৰ্যই সংবাদ মাধম্যলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে অৱগত কৰিছে।
উল্লেখ্য যে অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটো প্ৰতিবছৰে সমগ্ৰ ৰাজ্যজুৰি ছহিদ দিৱস হিচাপে পালন কৰি অহা হৈছে। উক্ত দিনাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১১ বজাত পতাকা উত্তোলনেৰে স্বহীদ দিৱসৰ কাৰ্যসূচী মুকলি কৰিব ছহিদ আৰু নিৰ্যাতিতাৰ সাহাৰ্য ন্যাসৰ অধ্যক্ষ দেৱেশ্বৰ ভট্টাচাৰ্যদেৱে। ১১-৩০ বজাত ছহিদ তৰ্পনৰ কাৰ্যসূচী মুকলি কৰিব ন্যাসৰ উপদেষ্টা ড০ গোবিন্দ দাসে। দিনৰ ১২ বজাত অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ ছহিদ আৰু নিৰ্যাতিতসকলৰ স্মৃতি ৰোমন্থনৰ কাৰ্যসূচী ৰখা হৈছে। সন্ধিয়া ৫-৩০ বজাত ন্যাসভৱনৰ চৌহদত বন্তি প্ৰজ্জ্বন কৰা হব। ছহিদ দিৱসৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবলৈ ন্যাসৰ সদস্যভূত সকলো সংগঠনকে ন্যাসৰ অধ্যক্ষ শ্ৰীভট্টাচাৰ্যদেৱে বিবৃতিটোৰ জৰিয়তে আহ্বান জনাইছে।