নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত শিঙৰা নৈয়ে ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযূষৰ

বিশেষ বাৰ্তা, ৮ জুলাইঃ  মন্ত্ৰী পীযুষ হাজৰীকাই আজি লখিমপুৰৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শিঙৰা নদীৰ মথাউৰিৰ ছিগা অংশৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ লগতে কামৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে ১৪ জুনত শিঙৰা নদীৰ আকস্মিক বানে নদীখনৰ সোঁপাৰৰ চমুৱা গাঁৱৰ সমীপৰ প্ৰায় এশ মিটাৰ অংশ ছিঙি নি অঞ্চলটোত মুহূৰ্ততে জলপ্ৰলয়ৰ সূচনা কৰিছিল। চকুৰ পচাৰতে শিঙৰা নদীৰ বুকুত জাহ গৈছিল পকী ঘৰ। বৰ্তমান লখিমপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে  জলসম্পদ বিভাগে মথাউৰিটোৰ উক্ত ছিঙা অংশ নিৰ্মাণৰ কাম কৰি আছে আৰু দুই এদিনতে ছিগা অংশ বন্ধ হব। মথাউৰিটো যোৱা ২৫ দিনে দিনে ৰাতিয়ে  মথাউৰিটো ছিগা অংশত কাম কৰি প্ৰায় নব্বৈ শতাংশ কাম সম্পূণ কৰে। মথাউৰিটো  পৰিদৰ্শনৰ সময়চোৱাত মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কার্য সঠিকভাবে আৰু ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মথাউৰিটো ছিগাৰ ফলত বানপানীত খতিগ্ৰস্ত হোৱা স্থানীয় লোকৰ সৈতেও তেখেতে মত বিনিময় কৰে। মথাউৰিটো পথ তথা মথাউৰি (Road cum Embankment) হিচাপে নিৰ্মাণ কৰিব পাৰি নেকি সেই বিষয়ে পৰ্যালোচনা চলি আছে বুলি উপস্থিত ৰাইজৰ সন্মুখত তেওঁ মত প্ৰকাশ কৰে। লগতে বিজেপি চৰকাৰৰ দিনতেহে ইমান তাৎক্ষণিকভাৱে কাম সম্পূৰ্ন হয় বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জিলা উপায়ুক্ত সুমিত সত্তাবন সহ জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে সংগ দিয়ে।

 

প্ৰেৰক নিতুুল বৰা

You might also like