নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিছিলামাৰীত তীৰৰ বুকীক আটক

নিয়মীয়া বাৰ্তা,  ৬ আগষ্ট : অসামাজিক কাম-কাজৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত আছে। নগৰবেৰাৰ মন্দিৰা নিছিলামাৰীত আৰক্ষীয়ে শনিবাৰে সন্ধিয়া অভিযান চলাই হাতে-লোটে ধৰিলে তীৰৰ বুকীক। লগতে দুটাকৈ মোবাইল হেণ্ডছেট আৰু তীৰৰ হিচাপ বহী জব্দ কৰে। আজি ধৃত যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় | জানিব পৰা মতে কামৰূপৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চাটখোকাই চানচাংৰ নেতৃত্বত মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিশিৰ বসুমতাৰী আৰু এদল আৰক্ষী গৈ হাতেলোটে ধৰা পেলায় নিছিলামাৰী অঞ্চলৰ তীৰৰ বুকী ধৰ্মেঞ্জয় মালোক | আজি আৰক্ষীয়ে ধৃত তীৰৰ বুকী ধৰ্মেঞ্জয় মালোক প্ৰথমে স্বাস্থ্য পৰীক্ষা আৰু পাছলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ দিহা কৰে | স্থানীয় একাংশৰ মতে ধৰ্মেঞ্জয় মালো একেৰাহে কেইবাবাৰো নিছিলামাৰী বজাৰ কমিটীৰ সম্পাদক থকাৰ উপৰি বিভিন্ন সামাজিক কাম-কাজৰ লগতো জড়িত। তেনেস্থলত তীৰৰ বুকী হিচাপে আৰক্ষীৰ হাতত ধৰা পৰাৰ খবৰে চাঞ্চল্য বিয়পায় অঞ্চলজুৰি |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like