নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনকৰা মহিলাক অমানুষিক নিৰ্যাতন আৰক্ষী বিষয়া শুভলক্ষ্মীৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ বৰ্বৰতাৰ সীমা চেৰাই এগৰাকী আদিবাসী বনকৰা মহিলাৰ ওপৰত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই চলোৱা জঘন্য অত্যাচাৰৰ ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অহংকাৰী, অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত নকৰিলে জিলা বন্ধ, থানা ঘেৰাওৰ দৰে প্ৰতিবাদী কাৰ্য্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে দল সংগঠনে ৷ইফালে আদিবাসী মহিলা অনিমা প্ৰজাক অতি নৃশংস ভাৱে হত্যাৰ প্ৰচেষ্টা চলোৱা উচ্চ পদস্থ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক এই পৰ্য্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই ৷ইয়াৰ বিপৰীতে এক শক্তিশালী চক্ৰই সমস্ত ঘটনাটোক এক সাধাৰণ ঘটনা ৰূপে প্ৰতিস্থা কৰাৰ বাবে উঠি পৰি লাগিছে ৷অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰ যোগে নাজিৰাত সংঘটিত এই ঘটনাৰ সন্দৰ্ভদ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে ৷কিন্তু বাস্তৱত এগৰাকী মহিলাক হত্যা কৰাৰ উদেশ্যে বৰ্বৰ অত্যাচাৰ চলোৱা শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ অথবা আন কোনো জামিন বিহীন কঠিন ধাৰাৰ প্ৰয়োগ কৰা নাই ৷যাৰ পৰিপ্ৰেক্ষিত্বত এই অত্যচাৰী আৰক্ষী বিষয়া গৰাকীয়ে থানাৰ পৰাই সসন্মানেৰে কম সময়ৰ ভিতৰতেই জামিন লাভ কৰিলেও আচৰিত হব লগীয়া একো নাথাকিব ৷আৰক্ষীয়ে ইচ্ছাকৃত ভাৱে শুভলক্ষ্মী দত্তক ৰক্ষনা বেক্ষণ দিয়াৰ বাবেই এনে নৰম ধাৰা প্ৰয়োগ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ইফালে অনিমা প্ৰজা নামৰ মহিলা গৰাকীক অতি ৰহস্যজনকভাৱে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ নাম লৈ অজ্ঞাত লোকে আজি বিয়লি এখন ইণ্ডিগ গাড়ীৰে উলিয়াই নিয়াৰ ঘটনাই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷উচ্চ পদস্থ আৰক্ষী বিষয়াই হত্যাৰ প্ৰচেষ্টা চলোৱা অনিমা প্ৰজাক নিৰাপত্তাহীন অৱস্থাত অজ্ঞাত স্থানলৈ নাবালক পুত্ৰৰ স্বাক্ষৰেৰে অচিনাক্ত লোকৰ জিম্মাত এৰি দিয়া ঘটনাৰ বিৰুদ্ধে দল সংগঠন সমুহ জাঙুৰ খাই উঠিছে ৷চিকিৎসালয় কৰ্তৃপক্ষই কাৰ হেঁচাত, কোন ব্যক্তিৰ হাতত মৃত্যুৰ্ যুঁজ বাগৰ কৰি থকা আদিবাসী মহিলা গৰাকীক গতাই দিলে তাক লৈ প্ৰশ্ন উঠিছে ৷শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ নামত বলপুৰ্বক ভাৱে লৈ যোৱাৰ প্ৰাকঃক্ষনত অনিমা প্ৰজা নামৰ আদিবাসী মহিলা গৰাকীয়ে সাংবাদিকৰ আগত এই বুলি অভিযোগ কৰে যে, মোক আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই হত্যাৰ প্ৰচেষ্টা চলাইছিল ৷মোক প্ৰাণে মৰাৰ বাবে শুভলক্ষ্মী দত্তই উতলা গৰম পানী মোৰ শৰীৰত ঢ়ালি দিছিল ৷মোৰ বুকুৰ অধিকাংশ স্থান গৰম পানী পেলাই ক্ষত বিক্ষত কৰে৷ ইমানেই নহয় তাৰ পিছতো মোক বাথৰূমত আৱদ্ধ কৰি বাহিৰৰ পৰা তলা মাৰি ৰাখিছিল৷ যোৱা এপ্ৰিল মাহত শুভলক্ষ্মী দত্তই মোক লখিমপুৰ জিলাৰ শিলবাৰী থানাৰ অন্তৰ্গত ৩নং কাকৈ বালিজান অঞ্চলৰ পৰা নাজিৰাৰ চৰকাৰী আৱাসলৈ লৈ আনিছিল ৷তাৰ পিছৰে পৰা মোৰ ওপৰত মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই দৈনিক নিৰ্মম অত্যাচাৰ চলাইছিল ৷ মোৰ চকুৱে মুখে ভোট জ্বলকীয়া সনাৰ লগতে মোৰ গুপ্তাংগতো ভোট জলকীয়া সানি আনন্দত আত্মহাৰা হৈছিল ৷ মোৰ চকু মুখ, গুপ্তাংগত ভোট জলকীয়া ডুবাই ৰখা আচাৰৰ তেল ঢ়ালিয়েই ক্ষ্ৰান্ত থকা নাছিল ৷ অসহ্য যাতনাত চটফটাই থকাৰ সময়তো মোক গুৰিয়াই-ঘুচিয়াই আহত কৰিছিল ৷ যেতিয়াই মন যায় তেতিয়াই বেলনা মাৰিৰে মোৰ হাতৰ গাঠি, কিলাকূটি, আঠু আদিত মৰিয়াই উঠিব নোৱাৰা কৰিছিল ৷অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ মই যিমানেই চিঞৰো মোৰ মুখত শুভলক্ষ্মী দত্তই সিমানেই প্ৰচণ্ড গোৰ মাৰিছিল ৷ মোৰ হাত,ভৰি, পিঠি, আঠু সকলো অংগ তেওৰ অত্যাচাৰত এক প্ৰকাৰৰ অৱশ হৈ পৰিছে৷ শেহতীয়াকৈ যোৱা ২৫ আগষ্টৰ পুৱা প্ৰায় ৯ মান বজাত তেওঁ মোক ঘৰৰ মজিয়াৰ পৰা বাথৰুমলৈ চোঁচৰাই নি উত্তলা গৰম পানী মোৰ শৰীৰত ধালি দি হত্যাৰ প্ৰচেষ্টা চলাই ৷মোৰ সমগ্ৰ শৰীৰ উতলা গৰম পানীত দগ্ধ হোৱাত মই প্ৰাণকাতৰ চিঞৰ মৰাত শুভলক্ষ্মী দত্তই বাথৰুমৰ ভিতৰতেই মোক প্ৰচণ্ড গোৰ শোধাই ৷ক্ষন্তেক পিছত তেওঁ মোক বাথৰুমৰ ভিতৰত আৱদ্ধ কৰি বাহিৰৰ পৰা বাথৰুমৰ দোৱাৰত তলা মাৰি কাৰ্য্যালয়লৈ ওলাই যায় ৷মই সম্ভাৱ্য মৃত্যুৰ পৰা ৰক্ষা পোৱাৰ উদেশ্যে বাথৰুমৰ পিছফালৰ ভেন্টিলেটৰেৰে বাহিৰলৈ ওলাই লক্ষহীন ভাৱে পলায়নৰ চেষ্টা চলাও ৷সৰ্বশৰীৰ মোৰ অৱশ হৈ পৰাত ঘটনাস্থলীৰ পৰা ৮ কিলোমিটাৰ নিলগৰ মেকিপুৰ চাহবাগিছা অঞ্চলৰ এখন দোকানৰ বাৰান্দাত গোটেই নিশা পৰি ৰলো ৷পুৱাৰ ভাগত স্থানীয় চাহ বাগিছাৰ কিছু যুৱকে মই আদিবাসী মহিলা বুলি জানিব পাৰি স্থানীয় আদিবাসী ছাত্ৰ সংগঠনৰ কৰ্মকতাত খবৰ দিয়াত মোক সেই স্থানৰ পৰা উদ্ধাৰ কৰি নাজিৰা চিকিৎসালয়ত ভৰ্তি কৰাই ৷পৰৱৰ্তী সময়ত সংগঠনটোৰ তৎপৰতাত মই নাজিৰা আদৰ্শ থানাত এখন এজাহাৰ দাখিল কৰি শুভলক্ষ্মী দত্তই মোৰ দেহত গৰম পানী ধালি প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ কথা স্পষ্ট ভাষাৰে উল্লেখ কৰো ৷তদুপৰি ইয়াৰ পুৰ্বেও তেওঁ মোৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে মুখ নুখুলিবলৈ বাধ্য কৰোৱাৰ কথাও এজাহাৰত উল্লেখ কৰাৰ কথা অনিমা প্ৰজাই সাংবাদিকৰ আগত ব্যক্ত কৰে ৷নৃশংস- বৰ্বৰতাৰ সকলো সীমা চেৰাই এগৰাকী নিৰস্ত্ৰ আদিবাসী মহিলাৰ ওপৰত নাজিৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া তথা সদ্য পদোন্নতি প্ৰাপ্ত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই চলোৱা অত্যাচাৰৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল সংগঠন ৷শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সৰ্ব শৰীৰ দগ্ধ অৱস্থাৰে জীৱন মৃত্যুৰে যুঁজি থকা অনিমা প্ৰজাৰ কাষত ঠিয় দি জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই কয়, আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ এই অমানূষিক অত্যাচাৰৰ বিষয়টো অসমৰ মূখ্য মন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে অতি গুৰুত্ব সহকাৰে লোৱা প্ৰয়োজন ৷খাটি খোৱা শ্ৰমজীৱি আদিবাসী মহিলাক মানৰ দিনৰ বৰ্বৰতাকো চেৰাই হত্যাৰ প্ৰচেষ্টা চলোৱা আৰক্ষী বিষয়া গৰাকীক তৎকালিন ভাৱে গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত নকৰিলে জংগী প্ৰতিবাদী কাৰ্য্যসূচীৰ বিকল্প নাথাকিব বুলি হুংকাৰ প্ৰদাণ কৰে ৷অসমীয়া যুৱ মঞ্চৰ হৈ ৰিদীপ ডেকাই আৰক্ষী বিষয়াৰ আৱাসগৃহতেই যদি মানৱতাৰ ভূ লুন্ঠন হয় তেন্তে আইন শৃংখলা কি দৰে বৰ্তি থাকিব বুলি তেও প্ৰশ্ন কৰে ৷শুভলক্ষ্মী দত্তক যাতে জামিন যোগ্য ধাৰাৰে থানাৰ পৰাই মুক্তি দি এই ঘটনাক লঘু নকৰে তাৰ প্ৰতি মূখ্য মন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক চোকা দৃষ্টি ৰখাৰ দাবী জনাই ৷আনহাতে চাহ জনজাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰাজকিশোৰ ভূমিজে শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৩০৭ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷তেও শুভলক্ষ্মী দত্তৰ দৰে অহংকাৰী- অত্যাচাৰী আৰক্ষী বিষয়া গৰাকীক তৎকালিন ভাৱে গ্ৰেপ্তাৰেৰে চাকৰিৰ পৰা বৰ্খাস্ত নকৰিলে জিলা বন্ধ, থানা ঘেৰাওৰ দৰে প্ৰতিবাদী কাৰ্য্যসূচী হাতত লবলৈ বাধ্য হব বুলি স্পষ্ট কৰে ৷শেহতীয়াকৈ আদিবাসী ছাত্ৰ সন্থাৰ এটা গোটেও এই নৃশংস ঘটনাৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like