নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাত পতিত এছআই অৰ্চনা দেৱীৰ জিএমচিএইচত মৃত্যু

নিয়মীয়া বাৰ্তা, ২১অক্টোবৰ : পথৰ দাঁতিত ৰাখি থোৱা এখন ট্ৰাকেই যেন কাল অমানিশা হৈ নামি আহিল এগৰাকী উঠি অহা সাহসী আৰক্ষী বিষয়াৰ বাবে। মহানগৰীৰ সমীপৰ সোণাপুৰৰ ৰাজপথত ৰখাই থোৱা এই ট্ৰাকখনত খুন্দা মাৰিছিল ভঙাগড় আৰক্ষীৰ এখন গাড়ীয়ে। আৰু তাৰ পিছত  বিগত তেৰটা দিন ধৰি চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে সতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম আৰক্ষীৰ উপপৰিদৰ্শক অৰ্চনা দেৱীয়ে।ছিপাঝাৰ পৌৰসভাৰ ১নং ৱাৰ্ডৰ সাতঘৰীয়া (মাজচুবা) নিবাসী সাহসী আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ওপজা ভূমিত সৃষ্টি হৈছে শোকাকুল পৰিবেশৰ। উল্লেখযোগ্য যে গুৱাহাটীৰ ভঙাগড় থানাত কৰ্মৰত উপপৰিদৰ্শক অৰ্চনা দেৱী বিগত ৮ অক্টোবৰত আৰক্ষীৰ এটা দলসহিতে পেট্ৰলিঙত যাওঁতেই সোণাপুৰত পতিত হৈছিল দূৰ্ঘটনাত।ৰৈ থকা ট্ৰাকখনত প্ৰচণ্ড জোৰে আৰক্ষীৰ বাহনখনে খুন্দা মৰাৰ ফলতেই গুৰুতৰ ভাবে আহত হৈছিল অৰ্চনা দেৱী সহিতে আন কেইবাগৰাকীও আৰক্ষী। মূৰত বেয়াকৈ আঘাট প্ৰাপ্ত হোৱা আৰক্ষী উপপৰিদৰ্শক গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হৈছিল আৰু বিগত তেৰ দিন ধৰি মৃত্যুৰ সতে যুঁজি যুঁজি আজি মৃত্যুক সাৱটি ল’বলগীয়া হয়।লগে লগে যেন আৰক্ষী বিভাগে হেৰুওৱালে মনত প্ৰচণ্ড সাহস বান্ধি সেৱাত নিয়োজিত হোৱা এগৰাকী আৰক্ষী বিষয়াক। লক্ষণীয় যে শৈশৱৰে পৰা প্ৰচণ্ড সাহসী মনৰ অধিকাৰী আছিল অৰ্চনা দেৱী।২০২১ বৰ্ষত অসম আৰক্ষীত উপ পৰিদৰ্শক হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰিছিল। কিন্তু আৰক্ষী সেৱাৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে অৱতীৰ্ণ হৈছিল অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত। আনকি অৰ্চনা দেৱীৰ পিতৃ তথা এগৰাকী অৱসৰী শিক্ষক যোগেন চন্দ্ৰ নাথৰো উক্ত বৰ্ষতেই এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। আৰু পিতৃৰ পদাংক গ্ৰহণ কৰিয়েই যেন এটা দুৰ্ঘটনাৰ আচিলাৰে অৰ্চনাও গুচি গ’ল চিৰদিনৰ বাবে। প্ৰচণ্ড সাহস আৰু মানসিক বলৰ অৰ্চনাক এনেদৰে অকালতে হেৰুৱাই যেন এতিয়া শোক স্তব্ধ অঞ্ছলবাসী। মাতৃ ভূমিতা দেৱীক যেন সান্তনা দিয়াৰ কোনো ভাষাই বিচাৰি পোৱা নাই চুবুৰীয়াই। খাকী পোছাকযোৰকেই জীৱন হিচাপে লৈ ঘৰৰ পৰা হাঁহি হাঁহি ওলাই যোৱা একুৰি পাঁচ বছৰীয়া  সকলোৰে মৰমৰ অৰ্চনা এনেদৰে অকালতে বগা কাপোৰৰ তলত নীৰৱে শুই ঘৰলৈ উভতিব বুলি যেন ভাবিব‌ই পৰা নাছিল পৰিয়াল, আত্মীয় স্বজন তথা ওচৰ চুবুৰীয়া কোনেও। কিন্তু নভবাকৈয়েই যেন ঘটি গ’ল সকলো। কলিতে মৰহি গ’ল যেন এটি হাহি।উল্লেখযোগ্য যে মাতৃৰ উপৰি এগৰাকী ভ্ৰাতৃ তথা দুগৰাকী বিবাহিত জ্যেষ্ঠা ভগ্নীক এৰি যায় অৰ্চনা দেৱীয়ে।
প্ৰেৰক ৰণজিত কুমাৰ নাথ
You might also like