ড্রাগ্ছৰ বেহাত জড়িত এছবিৰ উপ–পৰিদর্শক মুশ্বাদিকৰ নামে–বেনামে সম্পত্তিৰ পাহাৰ
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ড্রাগ্ছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ হোৱা অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ–পৰিদর্শক মুশ্বাদিক হুছেইনৰ বাসগৃহত ক্রাইম ব্রাঞ্চে আজি তালাচী অভিযান চলায়৷ ধৃত হুছেইনৰ মহানগৰীৰ নুনমাটিৰ ১নং আনন্দনগৰস্থিত ২নং বাসগৃহত নুনমাটি থানাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই ড্রাগ্ছৰ সন্ধান কৰে৷ অৱশ্যে এই অভিযানকালত ক্রাইম ব্রাঞ্চে ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে৷
নিষিদ্ধ ড্রাগ্ছৰ বেহাত জড়িত থাকি যুৱ প্রজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া আৰক্ষী বিষয়া মুশ্বাদিক হুছেইনৰ ঘৰত ড্রাগ্ছ লুকুৱাই থোৱাৰ সন্দেহত ক্রাইম ব্রাঞ্চে অভিযান চলায়৷ ড্রাগ্ছৰ নিষিদ্ধ বেহাত আৰু কোনোবা আৰক্ষীৰ লোক জড়িত আছে নেকি, ধৃত বিষয়াজনৰ পৰা তথ্য উদ্ঘাটনৰ চেষ্টা অব্যাহত ৰখা বুলি অপৰাধ শাখাৰ এক সূত্রই জানিবলৈ দিছে৷
উল্লেখ্য যে আৰক্ষী বিভাগত চাকৰি কৰিও ড্রাগ্ছৰ বেহাত জড়িত মুশ্বাদিক হুছেইনে এই অবৈধ প্রক্রিয়াৰে নামে–বেনামে সম্পত্তি গঢ়ি তোলা বুলি অভিযোগ উত্থাপন হৈছে৷ বক্র পথেৰে আহৰণ কৰা ধনেৰে নুনমাটিৰ আনন্দ নগৰত এটা তিনিমহলীয়া প্রাসাদোপম অট্টালিকা নির্মাণ কৰিছে৷ তদুপৰি মহানগৰীৰ বিভিন্ন স্থানত এইগৰাকী আৰক্ষী বিষয়াই সা–সম্পত্তি গঢ়ি তোলা বুলিও অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে বিশেষ সূত্রে জানিব পৰা মতে, আনন্দ নগৰৰ অট্টালিকাটো পিতৃৰ নামত আছে৷
উল্লেখ্য যে মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চে যোৱা ৪ মার্চত লালমাটিৰ হোটেল ব্রু’জ গেষ্ট হাউছত অভিযান চলাইছিল৷ বশিষ্ঠ থানাৰ আৰক্ষীৰ সহযোগত ক্রাইম ব্রাঞ্চে অভিযান চলাই গেষ্ট হাউছটোৰ এটা কোঠাত থকা আলমাৰিৰ পৰা প্রায় ৩ কিলোগ্রাম ওজনৰ ডব্লিউ আই নামৰ নিচাজাতীয় টেবলেট জব্দ কৰিছিল৷ এই নিচাজাতীয় টেবলেট সৰবৰাহত জড়িত থকা মনোহৰ প্রধান আৰু জেনেট ৰামনেমচিম নামৰ লোক দুজনক গ্রেপ্তাৰ কৰি এন ডি পি এছ আইনৰ ২২ (চি)/২৯ ধাৰাত ৪১৬/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হয়৷
ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰা লোক দুজনৰ ম’বাইল ফোনত হোৱাটছএপ খুলি চোৱাত এই ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৰ সৈতে অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ–পৰিদর্শক মুশ্বাদিক হুছেইন জড়িত থকাৰ চাঞ্চল্যকৰ তথ্য লাভ কৰে৷ ইয়াৰ পাছতে ক্রাইম ব্রাঞ্চৰ তদন্তকাৰী বিষয়াই ধৃত লোক দুজনক এই সম্পর্কে সোধা–পোছা কৰাত অবৈধ ড্রাগ্ছৰ বেহাত মুশ্বাদিক হুছেইন জড়িত থকাৰ কথা স্বীকাৰ কৰে৷ এই স্বীকাৰোক্তিৰ ভিত্তিত ক্রাইম ব্রাঞ্চে আৰক্ষী বিভাগক কলংকিত কৰা মুশ্বাদিক হুছেইনক গ্রেপ্তাৰ কৰে৷ ধৃত মুশ্বাদিকক বর্তমান লতাশিল থানাৰ লকআপত ৰখা হৈছে৷ নিশাৰ ভাগত মুশ্বাদিকক থানাখনৰ পৰা ক্রাইম ব্রাঞ্চ কার্যালয়লৈ আনি জেৰা কৰি থকা হৈছে বুলি সূত্রটোৱে জানিবলৈ দিছে৷