নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছআই কেলেংকাৰিত বৰপেটা কংগ্রেছৰ প্রাক্তন সাধাৰণ সম্পাদক, আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ এছ আই পৰীক্ষা কেলেংকাৰিত জড়িত থকা ব্যক্তিৰ তালিকা ক্রমাৎ দীঘল হৈ গৈ আছে৷ এই কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কেইবাজনো লোকক গ্রেপ্তাৰ কৰাৰ পাছত কালি বৰপেটাতো আৰক্ষীয়ে বিশেষ অভিযান চলায়৷

বৰপেটা চহৰৰ সমীপৰ ভোগৰান্ধাৰ ৰকিবুল ইছলামৰ ঘৰত কালি নলবাৰী আৰু বৰপেটা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়৷ নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ ইকবাল, উপ–আৰক্ষী অধীক্ষক জুপি বৰদলৈৰ নেতৃত্বত আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া প্রাণজিৎ দাসৰ সহযোগত আৰক্ষীৰ দলে গাজিয়াৰ সমীপৰ ভোগৰান্ধাত ৰকিবুল ইছলামৰ বাসগৃহত প্রায় দুঘণ্টা ধৰি অভিযান চলায় যদিও আৰক্ষীয়ে অভিযুক্ত ৰকিবুল ইছলামক আটক কৰিবলৈ সক্ষম হোৱা নাই৷

ৰকিবুল ইছলাম সম্প্রতি পলাতক হৈ আছে৷ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত এই অভিযান সন্দর্ভত কোনো কথা ব্যক্ত কৰা নাই যদিও এছ আই কেলেংকাৰিত জড়িত থকাৰ সন্দেহত অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ৰকিবুল ইছলাম বৰপেটা জিলা কংগ্রেছৰ প্রাক্তন সাধাৰণ সম্পাদক৷ প্রাপ্ত অভিযোগ মতে, বৰপেটা জিলা কংগ্রেছৰ প্রাক্তন সাধাৰণ সম্পাদক ৰকিবুল ইছলামে পত্নী, ভাতৃ, খুলশালীয়েকক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত বক্র পথেৰে চাকৰি দিয়াইছিল৷

You might also like