দিবনৰ জীৱনৰ প্রতি ভাবুকি, নলবাৰীত পুনৰ চলিব অভিযানঃ জি পি সিং
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ বহুচর্চিত অসম আৰক্ষীৰ এছ আই পৰীক্ষা কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড দিবন ডেকাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছতে চি আই ডি আৰু ক্রাইম ব্রাঞ্চৰ বিষয়াই মাৰাথন জেৰা চলাই আছে৷ দুই তদন্তকাৰী সংস্থাৰ তদন্তকাৰী বিষয়াৰ জেৰাত ধৃত দিবন ডেকাই বিস্ফোৰক তথ্য সদৰী কৰা বুলি জানিব পৰা গৈছে৷
অৱশ্যে তদন্তকাৰী বিষয়াই সংবাদ মাধ্যমক সবিশেষ জনোৱাৰ পৰা বিৰত আছে৷ অৱশ্যে ইয়াৰ মাজতে কালি অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে দিবনৰ জীৱনৰ প্রতি ভাবুকি আহিছে বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ জি পি সিঙে সংবাদ মাধ্যমক জনোৱা মতে, দিবনৰ জীৱনৰ প্রতি ভাবুকি অহাৰ বাবেই তেওঁক নিৰাপত্তাৰ খাতিৰত বিশেষ শাখাৰ লকআপত ৰখা হৈছে৷
তদন্তকাৰী বিষয়াই দিবনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কেইবাজনো লোকক গ্রেপ্তাৰ কৰিব৷ এছ আই পদৰ পৰীক্ষা কেলেংকাৰিৰ মূল অভিকেন্দ্র নলবাৰীত আৰক্ষীয়ে পুনৰ অভিযান চলাব বুলিও তেওঁ জনায়৷ ইফালে, উক্ত কেলেংকাৰিৰ মূল খলনায়ক পি কে দত্তক আৰক্ষীয়ে শীঘ্রে গ্রেপ্তাৰ কৰিব বুলিও তেওঁ সদৰী কৰে৷
ইফালে, এছ আই পদৰ পৰীক্ষা কেলেংকাৰি সন্দর্ভত ক্রাইম ব্রাঞ্চে ১৩/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে যদিও ইয়াৰ মাজতে গোচৰটোৰ তদন্তকাৰী বিষয়া দেৱজিৎ দাসক আঁতৰাই মণি কুমাৰ চমুৱাক উক্ত দায়িত্ব দিয়াক লৈ ৰহস্য সৃষ্টি হৈছে৷ এইক্ষেত্রত আৰক্ষীয়ে উক্ত কেলেংকাৰি তদন্তৰ গতি অন্য দিশে নি দিবন ডেকাৰ দৰে মাষ্টাৰ মাইণ্ডক নির্দোষী সজোৱাৰ পৰিকল্পনা কৰা বুলি অভিযোগ উঠিছে৷