নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে ৰোগীয়া পুত্ৰক

বিশেষ বাৰ্তা, ১০ জুন : চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত আইদেউবাৰী চাহ বাগিচাত নিজ পিতৃ-ভাতৃয়ে এগৰাকী যুৱকক হত্যা কৰাৰ ঘটনাই বাগিচাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, সোণাৰি থানাৰ অন্তৰ্গত আইদেউবাৰী চাহ বাগিচাৰ জগন্নাথ গোৱালাৰ পুত্ৰ লগেন গোৱালা (২২) কালি বিয়লি ৪ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ লগেনৰ নিৰুদ্দেশ সম্পৰ্কত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে চুবুৰীয়াৰ পৰা জানিব পাৰি কালি নিশা পৰ্যন্ত যুৱকজনৰ খা-খবৰ লয় যদিও কোনো শুংসুত্ৰ নাপালে৷ কিন্তু লগেন নিৰুদ্দেশ হৈ থকা বিষয়টোত পৰিয়ালৰ লোকে গুৰুত্ব প্ৰদান নকৰি গা-এৰা মনোভাৱ প্ৰদৰ্শন কৰাত গাঁওৰক্ষী বাহিনীৰ সন্দেহ ওপজে৷ আনহাতে, আজি পুৱা সন্দেহবশতঃ গাঁওৰক্ষী বাহিনীৰ এদল লোক জগন্নাথ গোৱালাৰ বাসগৃহত উপস্থিত হৈ চোতালত তেজৰ চেকুৰা প্রত্যক্ষ কৰি লগেনৰ নিৰুদ্দেশৰ ঘটনাত ৰহস্যৰ গোন্ধ পায়৷ লগে লগে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে সোণাৰি থানাত অৱগত কৰাত আৰক্ষী গৈ জগন্নাথ গোৱালাৰ বাসগৃহত উপস্থিত হয়৷ আৰক্ষীয়ে জেৰা কৰাৰ অন্ততঃ জগন্নাথ গোৱালাই সৰু পুত্ৰ জুন গোৱালাৰ সৈতে মিলি লগেনক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে আৰু লগেনৰ মৃতদেহটো সমীপৰে টিয়ক নদীত উটুৱাই দিয়া বুলি জানিবলৈ দিয়ে৷ ইতিমধ্যে আৰক্ষীয়ে জগন্নাথ গোৱালাৰ লগতে সৰুপুত্ৰ জোন গোৱালাক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ, দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা লগেনক পিতৃ আৰু ভাতৃয়ে পৰিকল্পিতভাৱে হত্যা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । ইফালে এই বাতৰি লিখা পৰ লৈকে আৰক্ষীয়ে স্থানীয় গাওঁৰক্ষী বাহিনীৰ সহযোগত লগেনৰ মৃতদেহ বিচাৰি নৈখনত অভিযান অব্যাহত ৰখাৰ বিপৰীতে পুত্ৰ হত্যাকাৰী জগন্নাথ আৰু জুনক অধিক সোধাপোছা কৰা বুলি জানিব পৰা গৈছে ।
প্ৰেৰক :-দীপাংকৰ পাল

You might also like