নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়কাপ্তানী বিভাগৰ ছিপাঝাৰ সংমণ্ডলৰ দায়িত্বজ্ঞানহীন কাৰ্যত ক্ষোভ

অৰ্দ্ধ নিৰ্মিত পকী পূলক লৈ যমৰ যান্ত্ৰণা ৰাইজৰ

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ গড়কাপ্তানী বিভাগৰ ছিপাঝাৰ সংমণ্ডলৰ দায়িত্বঞ্জানহীন কাম কাজৰ ফলত দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে এটা অঞ্চলৰ ৰাইজ।উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ঘোৰাবান্ধা-গৰুখুটি গড়কাপ্তানী পথৰ পৰা বণিয়াপাৰা সংযোগী পথটিৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল ছিপাঝাৰ গড়কাপ্তানী পথ সংমণ্ডলে।২.৩৮কি:মি: দৈৰ্ঘৰ পথছোৱাৰ বাবে ২৪৮.৮৮ লক্ষ টকা আবণ্টন দিয়া হৈছিল।কিন্তু পথটিৰ নিজ ছিপাঝাৰ মকৰাপাৰা অংশত থকা এটা পকীপূলৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিয়েই পেলাই থোৱাৰ বাবে এতিয়া যমৰ যাতনা ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে।
উল্লেখযোগ্য যে ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ প্ৰস্তুত কৰা পকীপুলটো নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় ৰাইজে আৰম্ভণিৰে পৰাই আপত্তি দৰ্শাই আহিছিল যদিও বিভাগে তিলমানো গুৰুত্ব‌ই দিয়া নাছিল।ৰাইজৰ অভিযোগ উক্ত অংশত কিছুবছৰ পূৰ্বলৈ কাঠৰ দলং আছিল।তদুপৰি উক্ত জানটোৰে প্ৰতি বাৰিষা হোৰা হোৰে পানী প্ৰৱেশ কৰে।সেয়েহে ৰাইজে ডাঙৰ দলং নহলেও অলপ আহল-বহলকৈ পূল নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছিল গড়কাপ্তানী বিভাগৰ ছিপাঝাৰ সংমণ্ভলত।কিন্তু ৰাইজৰ আপত্তিৰ প্ৰতি তিলমানো গুৰুত্ব নিদি গড়কাপ্তানী বিভাগে আকোৰগোজ মনোভাৱহে ললে একমাত্ৰ ঠিকাদাৰৰ স্বাৰ্থত।পথটো খান্দি লৈ নদীসদৃশ কৰাৰ পিছতো পকীপূল নিৰ্মাণ নকৰাৰ ফলত এতিয়া ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।কিয়নো বৃহত্তৰ অঞ্চলটোৰ ৰাজহাড় স্বৰূপ এই পথটো।তদুপৰি দেবানন্দ পঞ্চায়তৰ কেইবাখনো গাঁওৰ বাবে পথটো অন্যতম গুৰুত্ব পুৰ্ণ।আনকি ঠিকাদাৰে অস্থায়ী ভাবে এটা উপপথ নিৰ্মাণ কৰি দিয়াৰ প্ৰয়োজন আছিল যদিও সেয়াও নকৰিলে।শেষত উপায় বিহীন ৰাইজে নিজাকৈ বাহ সংগ্ৰহ কৰি এখন বাহৰ দলং নিৰ্মাণ কৰি লৈ কোনোমতে ইপাৰ সিপাৰ হোৱাৰ ব্যৱস্থা কৰি লৈছিল যদিও উক্ত অংশত বাঢ়নী পানীৰ ঢলে সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে।বাহৰ দলঙৰ ওপৰতো এতিয়া ককাল পৰ্যন্ত পানী।তদুপৰি বাহৰ দলংখনো উটুওৱাই নিব পাৰে যিকোনো সময়তে।

আজি উক্ত স্থানত উপস্থিত হৈ সদৌ অসম অনূসূচীত জাতি ছাত্ৰ সন্হাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।সন্হাৰ সভাপতি যূগল কিশোৰ বণিয়াই গড়কাপ্তানী বিভাগৰ ছিপাঝাৰ সংমণ্ভলৰ এনে দায়ীত্ব জ্ঞান হীন কাৰ্য কঠোৰ ভাষাৰে নিন্দা কৰি উন্নয়নৰ নামত এনেদৰে সাধাৰণ ৰাইজক পণবন্দী কৰাৰ অধিকাৰ কত পালে বুলিও প্ৰশ্ন তোলে।।আনহাতে ফেভাৰ ব্লকেৰে নিৰ্মাণ কৰা পথটিও এবছৰ নহ‌ওতেই ঠায়ে ঠায়ে উৱলি যোৱাৰ উপক্ৰম হৈছে বুলিও অভিযোগ স্থানীয় ৰাইজৰ।

You might also like