অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ, সাধাৰণ সভাৰ আয়োজন
নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ, ২০২০ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আয়োজনৰ প্ৰস্তুতি চলাই থকা হৈছে । বিগত বছৰৰ দৰে এই বেলিও শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভাখন অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত কৰা হব। ৰাজ্যিক সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনোৱা মতে এইবাৰৰ সাধাৰণ সভা ৬ ডিচেম্বৰ ৰবিবাৰে দিনৰ ৯:৩০ বজাৰ পৰা ৭ ডিচেম্বৰৰ দিনৰ ১:৩০ বজালৈকে চন্দ্ৰপুৰ হাজোংবৰীস্হিত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত অনুষ্ঠিত কৰা হব ।সাধাৰণ সভাৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ স্হান লাভ কৰা আঠ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে সেই নিকেতনৰ প্ৰধান আচাৰ্যসকল, ১০০% উৰ্ত্তীণ হোৱা নিকেতনৰ প্ৰধান আচাৰ্য সকল আৰু বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পদক অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক ৬ ডিচেম্বৰ তাৰিখে ১১ বজাত অভিনন্দন ও সম্বৰ্ধনা জনোৱা হব বুলি জানিবলৈ দিছে।
বাৰ্ষিক সাধাৰণ সভাখনত সদস্যসকল মিলিত হৈ যোৱা বছৰৰ কাৰ্যৰ সমীক্ষা, গঠনমূলক পৰামৰ্শ, আগন্তুক বৰ্ষৰ বাবে যোজনা প্ৰস্তুত কৰিব । সাধাৰণ সভাৰ বাবে অপেক্ষিত সকলো পূৰ্ণকালীন কৰ্মকৰ্তা আৰু সকলো সংকুল প্ৰমূখ লগতে সাধাৰণ সভাৰ সকলো সদস্য উপস্হিত কমনা কৰা হৈছে। সবিশেষ জানিবলৈ সদস্যসকলক শান্তি ৰাম ঠাকুৰীয়া কাৰ্যালয় সচিব, ৮৬৩৮১৯৪৬৬৭, ভূষণ গোস্বামী, প্ৰকল্প তত্বাৱধায়ক ৮১৩৩৯৯৬৪০৬ অথবা মনোজ শৰ্মা, চন্দ্ৰপুৰ প্ৰকল্প, ৯৮৫৯৭৭০৩৭৯ নম্বৰত
যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।