নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ২০২১–২২ বর্ষৰ সাধাৰণ বাজেটখন আজি সংসদত দাখিল কৰাৰ পাছতে বাজেটখনক সংস্কাৰমুখী আখ্যা দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নিজৰ প্রতিক্রিয়াত প্রধানমন্ত্রী মোদীয়ে চলিত বর্ষৰ বাজেটখন সকলোৰে বুলি উল্লেখ কৰি কৃষক আৰু গ্রাম্য ভাৰত এই বাজেটৰ হূদয়ত আছে বুলিও মন্তব্য কৰে৷ বাজেটত উন্নয়নৰ বিশ্বাস প্রতিফলিত হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ মানুহৰ জীৱন ধাৰণ, বাণিজ্য, স্বাস্থ্য আৰু সমৃদ্ধিৰ সুচল পথ ইয়াত নিহিত হৈ থকা বুলিও ঘোষণা কৰিছে৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ প্রসংগ টানি প্রধানমন্ত্রীগৰাকীয়্ কয় যে ২০২১ বর্ষৰ বাজেট দাখিল কৰা হৈছে অভূতপূর্ব পৰিস্থিতিৰ মাজত৷ এই বাজেটে ভাৰতৰ আত্মবিশ্বাসৰ প্রতিফলন ঘটোৱা বুলি উল্লেখ কৰি বিশ্বৰ ভিতৰত দেশৰ আত্মনির্ভৰশীলতাৰ নতুন পথ দেখুৱাব বুলিও বাজেটখনক ভূয়সী প্রশংসা কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ সকলো ক্ষেত্রতে এই বাজেটে কেৱল উন্নয়ন আৰু বিকাশ কঢ়িয়াই আনিব বুলি উল্লেখ কৰি এয়া আত্মনির্ভৰশীলতাৰ লক্ষ্যৰ বাজেট বুলি অভিহিত কৰি মোদীয়ে কয় যে সমাজৰ সকলো ক্ষেত্রতে উন্নয়নৰ প্রতিফলন ঘটোৱাৰ সংকল্প লোৱা হৈছে বাজেটত৷
মোদীৰ মতে বাজেটখনে দেশৰ আর্থিক বৃদ্ধিত নতুন মাত্রা প্রদান কৰাৰ উপৰি ইয়াৰ জৰিয়তে নতুন নিয়োগ সৃষ্টিৰ সুযোগ কঢ়িয়াই আনিব৷ বাজেটখনত কৃষিখণ্ডক সুদৃঢ় কৰাৰ উপৰি কৃষকসকলৰ উপার্জন বৃদ্ধি কৰাৰ সংকল্প লোৱা হৈছে৷ এই বাজেটখনৰ ভিতৰত সোমাই আছে গ্রামীণ ভাৰত আৰু কৃষকসকলৰ প্রগতিৰ সপোন৷ প্রধানমন্ত্রীগৰাকীৰ্ মতে কৃষি অন্তঃগাঁথনি পুঁজিৰ জৰিয়তে এ পি এম চি মাণ্ডিক শক্তিশালী কৰাৰ ব্যৱস্থা ৰখা হৈছে বাজেটখনত৷ দিল্লী সীমান্তত তিনি কৃষি আইন বাতিলৰ দাবীত হাজাৰ হাজাৰ কৃষকে প্রতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে প্রধানমন্ত্রী মোদীয়ে বাজেটখনত কৃষকৰ স্বার্থত অধিক গুৰুত্ব প্রদান কৰা বুলি উল্লেখ কৰা বিষয়টোৱে কঢ়িয়াইছে বিশেষ তাৎপর্য৷ এনে এক জনমুখী তথা উন্নয়নমুখী বাজেট দাখিল কৰা বাবে বিত্তমন্ত্রী নির্মলা সীতাৰমণকে ধৰি বাজেট প্রস্তুত গোটক ধন্যবাদো জ্ঞাপন কৰিছে প্রধানমন্ত্রী মোদীয়ে৷
বিৰোধীৰ প্রতিক্রিয়া, কৃষক সমস্যাক অৱজ্ঞা বাজেটত
কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি ২০২১–২২ বর্ষৰ সাধাৰণ বাজেটখন সংসদত দাখিল কৰাৰ পাছত প্রধানমন্ত্রী মোদীকে ধৰি এন ডি এ চৰকাৰৰ মন্ত্রী তথা সাংসদসকলে ইয়াক উন্নয়নমুখী বাজেট আখ্যা দিছে যদিও বিৰোধী দলসমূহে এই বাজেটখনক লৈ চৰকাৰক সমালোচনা কৰিছে৷ কংগ্রেছে এই বাজেটখনত কৃষকৰ উদ্বেগৰ বিষয়টোক আওকাণ কৰা বুলি অভিযোগ কৰিছে৷ কংগ্রেছৰ মুখপাত্র ৰণদীপ সিং সূর্যেৱালাই দাবী কৰিছে যে বাজেটখনত কৃষকৰ সমস্যাক কোনোধৰণে গুৰুত্ব নিদিলে এন ডি এ চৰকাৰে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে সূর্যেৱালাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে চৰকাৰে কৃষিত আবণ্টিত পুঁজি ৬ শতাংশ হ্রাস কৰিছে৷ প্রধানমন্ত্রী কিষাণ সন্মানৰ ক্ষেত্রত বাজেটখনত ১৩ শতাংশ ধন হ্রাস কৰা বুলি ক্ষোভ প্রকাশ কৰিছে সূর্যেৱালাই৷ বাজেট সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰাৰ উপৰি সূর্যেৱালাই এই কথাও উল্লেখ কৰিছে যে ক’লা কৃষি আইন বাতিল নকৰিলে, জি এছ টি কৃষি উৎপাদিত সামগ্রীৰ পৰা কর্তন নকৰিলে আৰু ডিজেলৰ মূল্য হ্রাস নকৰিলে কৃষকৰ কেতিয়াও সমস্যাৰ অন্ত নপৰে৷ ইফালে ৰাষ্ট্রীয় জনতা দলে (আৰ জে ডি) বাজেটখন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে মোদী চৰকাৰে ইয়াৰ জৰিয়তে দেশৰ সকলো বস্তু বিক্রীৰ চেষ্টা চলাইছে৷ দলটোৰ নেতা তেজস্বী যাদৱে অভিযোগ কৰিছে যে বাজেটখন দেশৰ উন্নয়নৰ বাবে নহয়, দেশখন বিক্রীৰ বাবেহে৷
ইয়াৰ পূর্বে এন ডি এ চৰকাৰে ৰে’লৱে, এয়াৰ ইণ্ডিয়া, ভাৰত পেট্র’লিয়াম আৰু অন্যান্য গুৰুত্বপূর্ণ প্রতিষ্ঠান বিক্রী কৰিছে বুলি প্রতিক্রিয়া প্রকাশ কৰি এইবাৰৰ বাজেটখনৰ জৰিয়তে গেছ পাইপলাইন, ষ্টেডিয়াম, পথ পৰিবহণ, গুদাম সকলো বিক্রী কৰা হ’ব বুলি কঠোৰ সমালোচনা কৰিছে তেজস্বীয়ে৷ লক্ষণীয়ভাৱে চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে ২০২১ৰ সাধাৰণ বাজেটখন উদ্যোগপতিসকলৰ বাবেহে প্রস্তুত কৰা হৈছে বুলি প্রতিক্রিয়া প্রকাশ কৰিছে৷ এই বাজেটখন সাধাৰণ মানুহৰ বাবে নহয়, কিন্তু বৃহৎ উদ্যোগপতিসকলক এই বাজেটখনে সহায় কৰিব বুলি মন্তব্য কৰিছে য়েছুৰীয়ে৷ যিসকলে অত্যধিক মুনাফা বিচাৰি আহিছে, সেই ধনকুবেৰসকলক এই বাজেটে সহায় কৰিব বুলিও প্রতিক্রিয়া প্রকাশ কৰিছে নেতাগৰাকীয়ে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ প্রতিক্রিয়াত প্রকাশ কৰিছে যে মোদী চৰকাৰে দেশৰ সম্পদ পুঁজিপতি বন্ধুক গতোৱাৰ পৰিকল্পনাৰে এই বাজেট প্রস্তুত কৰিছে৷ দুখীয়া জনসাধাৰণৰ হাতত নগদ ধন দিয়াৰ কথা পাহৰি চৰকাৰে কেৱল পুঁজিপতিক সন্তুষ্ট কৰাৰ চেষ্টা চলাইছে বুলি ৰাহুলে ছ’চিয়েল মিডিয়া টুইটাৰযোগে প্রকাশ কৰিছে৷ ইফালে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া চি ই অ’ আদৰ পুনাৱালাই ২০২১ৰ বাজেটখনৰ ঘোষণা মহান আখ্যা দিছে৷ স্বাস্থ্য সেৱা আৰু ভেকচিনৰ ক্ষেত্রত ধনৰ আবণ্টন বৃদ্ধিৰ বিষয়টোক লৈ সন্তুষ্টি প্রকাশ কৰিছে পুনাৱালাই৷ ভেকচিন আৰু স্বাস্থ্য সেৱাত বাজেটখনত ধনৰ আবণ্টন বৃদ্ধিৰ কথা যি ঘোষণা কৰা হৈছে, সেয়া যিকোনো দেশৰ বাবেই আটাইতকৈ ভাল বিনিয়োগ বুলিও মন্তব্য কৰিছে পুনাৱালাই৷ আনপিনে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কেন্দ্রীয় বাজেটক লৈ অসন্তুষ্টি ব্যক্ত কৰি কয়– বাজেটখন কৃষকবিৰোধী, জনগণবিৰোধী আৰু দেশবিৰোধী৷