৬ তাৰিখে অসমলৈ নিৰ্মলা সীতাৰমণঃ চাহ বনুৱাৰ ৮ লাখ একাউণ্টত দিব ৩০০০কৈ টকা
নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ৬ ফেব্ৰুৱাৰীত পদাৰ্পণ কৰিব অসমত। গুৱাহাটীৰ খানাপাৰাত বিত্তমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে ৮ লাখ চাহ বনুৱাৰ একাউণ্টত আঁচনি মতে প্ৰদান কৰিবলগীয়া ৩০০০ টকা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।
আজি জনতা ভৱনত সম্বোধন কৰা এখন সংবাদমেলত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত উল্লেখ কৰে।
উল্লেখ্য, বিমুদ্ৰাকৰণৰ পিছতে চাহ বনুৱাক সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ নামত একাউণ্ট খুলি দিয়া হৈছিল আৰু সেই একাউণ্টৰ বিপৰীতে ২৫০০কৈ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছিল।
এতিয়া এই একাউণ্টৰ সংখ্যা ৮ লাখলৈ বৃদ্ধি কৰি এইবছৰো ৩০০০ টকাকৈ প্ৰদান কৰা হ’ব। অহা ৬ তাৰিখে এই উপলক্ষে খানাপাৰাত অনুষ্ঠিতব্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে নিৰ্মলা সীতাৰমণ উপস্থিত থাকিব।