শিৱসাগৰত চাইবাৰ অপৰাধীৰ দপদপনি
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ সাধাৰণ চোৰ–ডকাইতৰ লগতে এতিয়া শিৱসাগৰত চাইবাৰ অপৰাধীৰ দপদপনি বৃদ্ধি পাইছে৷ আধুনিক প্রযুক্তিৰ গইনা লৈ বহিঃৰাজ্যৰ পৰা নিয়ন্ত্রিত এনে চাইবাৰ অপৰাধীৰ দৌৰাত্ম্যৰ বাবে শিৱসাগৰৰ একাংশ বেংকৰ গ্রাহকে নিজৰ একাডণ্টৰ পৰাই হেৰুৱাইছে নিজৰ সাঁচতীয়া ধন৷ সম্প্রতি অব্যাহত থকা লকডাডনৰ সময়ছোৱাত শিৱসাগৰ জিলাত একাধিক ধন লুটৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তেই এইবাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ বিষয়াৰ একাডণ্টৰ পৰা বহিঃৰাজ্যৰ চাইবাৰ অপৰাধীয়ে কৌশলেৰে ত্রিশ হাজাৰকৈ টকা ডলিয়াই নিয়াৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ প্রাপ্ত বাতৰি মতে আনন্দ হাজৰিকা নামৰ বিষয়াগৰাকীৰ ভাৰতীয় ষ্টেষ্ট বেংকত ১০৯৬৬৪৬১২৭৭ নম্বৰৰ একাডণ্টটোৰ পৰা হঠাতে ত্রিশ হাজাৰ টকা ডলিয়াই নিয়াৰ এছ এম এছ বার্তা লাভ কৰে৷ নিজৰ নামত থকা এ টি এম কার্ড পকেটত থকা অৱস্থাত নিজৰ একাডণ্টৰ পৰা ত্রিশ হাজাৰ টকা হঠাতে ডলিয়াই নিয়াৰ তথ্য লাভ কৰাৰ পিছতেই ততাতৈয়াকৈ এ টি এমৰ পৰা ষ্টেটমেণ্ট সংগ্রহ কৰাত ত্রিশ হাজাৰ টকা এটা অজ্ঞাত ডৎসই ডলিয়াই নিয়াটো নিশ্চিত হয়৷ লগে লগে এছ বি আইৰ ঊর্ধ্বতন কর্তৃপক্ষক এই সন্দর্ভত তাৎক্ষণিক অৱগত কৰোৱাৰ লগতে জমা থকা বাকী টকাকেইটাৰ সুৰক্ষাৰ বাবে একাডণ্টটো সাময়িকভাৱে বন্ধৰ বাবে আবেদন জনায়৷ ঘটনা সন্দর্ভত ইতিমধ্যে আনন্দ হাজৰিকাই শিৱসাগৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি অপৰাধীক চিনাক্ত, ঘটনাৰ অনুসন্ধান দাবী তোলে৷ ডল্লেখ্য যে পশ্চিমবংগৰ এটা বিশেষ স্থানৰ পৰাই নিয়ন্ত্রিত এই চাইবাৰ অপৰাধী চক্রটোৱে শিৱসাগৰ, নাজিৰা, ডিমৌ আদি অঞ্চলৰ একাধিক গ্রাহকৰ বেংকৰ একাডণ্টৰ পৰা হেকিং পদ্ধতিৰে ধন হৰলুকী কৰা একাধিক ঘটনা সংঘটিত হৈছে যদিও আজিলৈকে কিন্তু এই বহিঃৰাজ্যৰ অপৰাধী চক্রটোৰ এজনো কৰায়ত্ত নোহোৱাৰ ঘটনাই জনসাধাৰণক চিন্তিত কৰি তুলিছে৷