নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহোদৰৰ তেজেৰে অসম মাতৃৰ বুকু ৰাঙলী নকৰিব

শিৱসাগৰত সংগ্রামী যুৱ–ছাত্রৰ মানৱ–শৃংখল

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ  আলফা (স্বাধীন)ৰ জিম্মাত অনিশ্চিত ভৱিষ্যৎ লৈ বন্দিত্বৰ জীৱন অতিবাহিত কৰা খিলঞ্জীয়া ভূমিপুত্র প্রণৱ কুমাৰ গগৈ আৰু চুবুৰীয়া ৰাজ্য বিহাৰৰ কর্কট আক্রান্ত এটি দেৱশিশুৰ পিতৃ ৰাম কুমাৰৰ মুক্তিৰ দাবীত জাগি উঠিছে শিৱসাগৰৰ জনতা৷ শিৱসাগৰৰ দল–সংগঠন আৰু সচেতন জনতাই মানৱতাৰ জয়গানেৰে আজি দুই দুর্ভগীয়া পৰিয়ালৰ কাষত থিয় হৈ অপহূতৰ মুক্তিৰ হকে ৰাজপথলৈ ওলাই আহিল৷ ঐতিহাসিক শিৱদ’লৰ সন্মুখৰ পৰাই সংগ্রামী যুৱ–ছাত্র পৰিষদ, অসমে মানৱ শৃংখলেৰে হাতে হাতে বেনাৰ–ফেষ্টুন লৈ আলফা (স্বাধীন)ক দুই অপহূতৰ মুক্তিৰ বাবে কাতৰ মিনতি জনায়৷ ‘মোৰ শিৰৰ সেন্দূৰ নমচিব, আমাক পিতৃ শব্দটোৰ পৰা বঞ্চিত নকৰিব, মোৰ দেউতাক ঘূৰাই দিয়ক’ শীর্ষক হাতে হাতে ফেষ্টুন লৈ শিৱদ’লৰ পদূলিত সংগ্রামী যুৱ–ছাত্র পৰিষদে অনুষ্ঠিত কৰা মানৱ শৃংখল আছিল বেদনাদায়ক৷ ‘সহোদৰৰ তেজেৰে অসম মাতৃৰ বুকু ৰাঙলি নকৰিব… পৰেশ বৰুৱা ডাঙৰীয়া৷’ মানৱ শৃংখল কার্যসূচীক নেতৃত্ব প্রদান কৰা সংগঠনটোৰ নেতা দেৱজিৎ দত্তই এবাৰৰ বাবে হ’লেও হাতে হাতে লৈ থকা প্লেকার্ডৰ এই বাক্যকেইটা আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষজনক পঢ়িবলৈ আহ্বান জনায়৷ ইয়াৰ উপৰি দেৱজিৎ দত্তই কয় যে আলফা (স্বাধীন)ৰ সৈতে কুইপ’ প্রতিষ্ঠানৰ কি আলোচনা হৈছে, সেয়া সাধাৰণ ৰাইজে নাজানে৷ আলোচনা কোনে কৰিছে, তাকো নাজানে৷ কিন্তু কুইপ’ প্রতিষ্ঠানৰ প্রণৱ গগৈ আৰু ৰাম কুমাৰ দুগৰাকী সাধাৰণ কর্মচাৰী৷ তেওঁলোকৰ পৰিয়ালৰ বর্তমান অৱস্থা কি হৈছে, সেয়া আলফা (স্বাধীন)ৰ নেতৃত্বই উপলদ্ধি কৰক৷ কুইপ’ প্রতিষ্ঠানৰ হেমাহি, গাফিলতিৰ বাবেই আজি বলিৰ পঠা হ’ব লগা হ’ল এই দুজন বেতনভোগী কর্মচাৰী৷ আলফা যদি এই দুই সাধাৰণ কর্মচাৰীৰ ওপৰত চূডান্ত সিদ্ধান্ত গ্রহণ কৰে, তেন্তে সংগঠনটোৰ দাবী চনদৰ প্রাসংগিকতা হ্রাস পাব৷ সেয়ে অসমীয়া ৰাইজৰ আহ্বানৰ প্রতি সঁহাৰি জনাই এই দুই কর্মচাৰীক মুকলি কৰি দিবলৈ দেৱজিৎ দত্তই আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি আহ্বান জনায়৷

ইফালে দেওবাৰে শিৱসাগৰ প্রেছ ক্লাৱত উজনি অসম মুছলিম কল্যাণ পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এখন যৌথ সংবাদ মেলৰ আয়োজন কৰে৷ দুই সংগঠনৰ নেতা ক্রমে মণিৰুল ইছলাম বডা আৰু যাদৱ গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে আলফাৰ জন্মস্থান শিৱসাগৰ৷ এই শিৱসাগৰৰে সন্তান প্রণৱ গগৈৰ লগতে বিহাৰৰ ৰাম কুমাৰক আলফাই অপহৰণ কৰি নি আজি দুটা মাহেও মুকলি কৰি নিদিয়াৰ লগতে আগন্তুক এটা সপ্তাহৰ ভিতৰতে কুইপ’ৰ অপহূত দুই কর্মচাৰীৰ বিৰুদ্ধে চূডান্ত সিদ্ধান্ত গ্রহণ কৰিব বুলি ঘোষণা কৰাটোৱে আলফা (স্বাধীন)ৰ সংগ্রামখনক বিপথে পৰিচালিত কৰিব৷ ইয়াৰ লগতে সংবাদ মেলখনৰ জৰিয়তে কুইপ’ৰ দুই অপহূত কর্মচাৰী প্রণৱ গগৈ আৰু ৰাম কুমাৰক মুকলি কৰি দিবৰ বাবে সংগঠন দুটাই আলফা (স্বাধীন)ক আহ্বান জনায়৷ অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই অপহূত প্রণৱ গগৈৰ গৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ যোগেদি আলফা (স্বাধীন)ক আহ্বান জনাই কয় যে দুই অপহূত সাধাৰণ কর্মচাৰীক কুইপ’ প্রতিষ্ঠানৰ দোহাই দি আলফা (স্বাধীন)–এ যদি কোনো চূডান্ত সিদ্ধান্ত গ্রহণ কৰে, তেন্তে ই মানৱীয়তাৰ পৰিপন্থী হিচাপে বিবেচিত হ’ব৷ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই আজি কুইপ’ৰ অপহূত বিষয়া প্রণৱ গগৈৰ বাসগৃহত উপস্থিত হৈ দুর্ভগীয়া পৰিয়ালটোৰ সৈতে বার্তালাপ কৰে৷

ইয়াৰ পাছতেই সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত তেওঁ দুই অপহূতক মুক্তি দিবলৈ আলফা (স্বাধীন)ক আহ্বান জনায়৷ উল্লেখ্য যে বিগত বর্ষৰ ২১ ডিচেম্বৰত অৰুণাচল প্রদেশৰ চাংলা জিলাৰ অন্তর্গত ডায়ুনৰ খোমচাই অঞ্চলৰ পৰা কুইপ’ অইল এণ্ড গেছ ইনফ্রাষ্ট্রাকচাৰ লিমিটেড নামৰ তৈল প্রতিষ্ঠানত নিয়োজিত শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ প্রণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা (স্বাধীন) আৰু এন এছ চি এন (কে)ই অপহৰণ কৰি নিছিল৷ আলফা (স্বাধীন)ৰ এনে কার্যত শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথত থকা প্রণৱ গগৈৰ গৃহত প্রতিটো মহূর্ততে কান্দোনৰ ৰোল ভাহি আহিছে৷ ইফালে ৰাম কুমাৰৰ পৰিয়াল, শহুৰেকৰ লগতে পত্নী আৰু কন্যসহ কর্কট ৰোগত আক্রান্ত তেওঁৰ এটি অবুজ কণমানি পুত্রয়েও সুস্থ শৰীৰে পিতৃক মুক্তি দিয়াৰ আশাত আলফা (স্বাধীন)ক কাতৰ আহ্বান জনাইছে৷ শেহতীয়াকৈ আলফাৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ যোৱা ১৯ ফেব্রুৱাৰীত এটা বিবৃতি প্রেৰণ কৰা হৈছিল৷ বিবৃতিটোত প্রচাৰ বিভাগৰ সচিব ৰুমেল অসমে উল্লেখ কৰিছিল যে যোৱা ১৬ ফেব্রুৱাৰীৰ পৰা ১৯ ফেব্রুৱাৰীলৈকে কুইপ’ নামৰ প্রতিষ্ঠানটোৰ সৈতে হোৱা আলোচনাত কুইপ’ৰ বিষয়ববীয়াই কোনো সমাধান দিয়াৰ ক্ষেত্রত ব্যর্থ হৈছে৷ সেয়ে কুইপ’ৰ অপহূত দুই কর্মচাৰী ক্রমে প্রণৱ গগৈ আৰু ৰাম কুমাৰৰ ওপৰত অহা সপ্তাহটোৰ ভিতৰতে চূডান্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিছিল৷ ইতিমধ্যে অপহূত ৰাম কুমাৰ আৰু প্রণৱ গগৈৰ পৰিয়ালে এই পত্রৰ বিষয়ে অৱগত হোৱাৰ পাছৰেই পৰা অধিক শংকিত হৈ প্রতিটো ক্ষণ অতিবাহিত কৰিবলগীয়াত পৰিছে৷ আলফা (স্বা)–এ জাৰি কৰা এই বিবৃতিৰ পাছতেই এই দুই নিৰীহ কুইপ’ৰ বিষয়াক মুকলি কৰি দিবৰ বাবে অসমৰ সর্বস্তৰৰ লোকে আলফালৈ আহ্বান জনাইছে৷

You might also like