নগাঁৱৰ ছয়খন কৃষি বীজ ফার্মত মৃত্যুঘণ্টাঃ ছন পৰা একাধিক ফার্মৰ মাটি বেদখল
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: প্রতিটো ঋতুতে উন্নতমানৰ কৃষি বীজৰ বাবে হাবাথুৰি খাবলগীয়া হয় নগাঁও জিলাৰ অধিকাংশ কৃষকে৷ জিলাখনৰ অধিকাংশ কৃষকেই জিলা কৃষি বিভাগৰ পৰা ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা অহা প্রয়োজনীয় কৃষি বীজ লাভ কৰিবলৈ সক্ষম নোহোৱাৰ ফলত বজাৰৰ পৰা উচ্চ নিৰিখত এই কৃষি বীজ ক্রয় কৰিবলৈ বাধ্য হয়৷ কিন্তু সম্প্রতি জিলাখনৰ বজাৰসমূহ ভেজাল বীজেৰে ভৰি পৰাত কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷
উল্লেখ্য যে কৃষিপ্রধান জিলাখনৰ কৃষক ৰাইজৰ সুবিধার্থে জিলাখনৰ ভিন্ন প্রান্তত অসম চৰকাৰে ছয়খনকৈ কৃষি বীজ ফার্ম স্থাপন কৰিছিল৷ কিন্তু চৰকাৰৰ কৃষি বিভাগৰ চৰম অৱহেলাৰ বাবেই আটাইকেইখন কৃষি বীজ ফার্মেই মৃত্যুমুখত পৰে৷ গৰাকীবিহীন সম্পত্তিত পৰিণত হয় লাখ লাখ টকা ব্যয় সাপেক্ষে স্থাপন কৰা কৃষি বীজ ফার্মকেইখন৷ চৰকাৰী অৱহেলাৰ বাবেই মৃত্যুমুখত পৰি নিশ্চিহ্ণ হোৱা ৰাজ্যৰ কৃষি বিভাগৰ এই বীজ ফার্মকেইখন হৈছে বটদ্রৱা কৃষি চক্রৰ অন্তর্গত বটদ্রৱা বীজ ফার্ম, কামপুৰ কৃষি চক্রৰ অন্তর্গত কলাইখোৱা কৃষি বীজ পাম, কঠীয়াতলী কঁঠালগুৰি লালুংগাঁও বীজ ফার্ম, কঠীয়াতলীৰ উদ্যান শস্যৰ পুলি উৎপাদন বাগিচা, চামগুৰি কৃষি চক্রৰ বৰমা বীজ ফার্ম আৰু লাওখোৱা কৃষি বীজ ফার্ম৷ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ চৰম অকর্মণ্যতা, অদক্ষতাৰ বাবেই অপমৃত্যু ঘটে তাহানিৰ সেউজ কৃষি বীজ পাম ছয়খনৰ৷
সম্প্রতি গৰাকীবিহীন সম্পত্তিৰ দৰে হৈ থকা কৃষি বীজ পামকেইখন চৰণীয়া পথাৰতহে পৰিণত হৈছে৷ইয়াৰে কেইবাখনো চৰকাৰী বীজ ফার্মৰ চৰকাৰী ভূমিত অবাধ বেদখল অব্যাহত থকাত ইয়াৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ আপডালৰ অভাৱতে মৃত্যুমুখত পৰা জিলাখনৰ মৃত কৃষি বীজ ফার্মকেইখন সুদীর্ঘ বছৰ ধৰি গৰাকীবিহীন সম্পত্তিৰ দৰে পৰি থকাৰ পৰিপ্রেক্ষিতত একাংশ প্রভাৱশালী লোকে এই ফার্মৰ মাটি বেদখল কৰাৰ উপৰি এই বেদখলীকৃত চৰকাৰী ভূমি অন্য লোকক বিক্রী কৰাও পৰিলক্ষিত হৈছে৷
কঠীয়াতলী কঁঠালগুৰি লালুংগাঁও কৃষি বীজ ফার্মৰ পিছফালৰ প্রায় ৫০ বিঘা মাটি বেদখল কৰি একাংশ লোকে বিভিন্নজনক বিক্রী কৰা বুলিও অভিযোগ উঠিছে৷ পৰিতাপৰ বিষয় যে ইয়াৰ পিছতো গা লৰা নাই নগাঁও কৃষি বিভাগৰ৷ উল্লেখ্য যে জিলাখনৰ কঠীয়াতলী কঁঠালগুৰি লালুংগাঁও কৃষি বীজ ফার্মৰ মুঠ মাটি কালি ২০ হেক্টৰ আৰু কলাইখোৱা বীজ পামত মুঠ মাটিকালি ৮ হেক্টৰ৷ তদুপৰি অন্য কৃষি বীজ ফার্ম কেইখনৰো মাটিকালি ৮ হেক্টৰৰ পৰা ২৫ হেক্টৰ পর্যন্ত৷বৃহৎ পৰিমাণৰ মাটি থকা বীজ পামকেইখনত বছৰ বছৰ ধৰি কোনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হোৱা নাই৷ বীজ পামকেইখনৰ চৌহদত বেৰাসমূহ বেদখলকাৰীয়ে কাহানিবাই ভাঙি পেলোৱা পৰিলক্ষিত হৈছে৷ আটাইকেইখন বীজ ফার্মৰ ঘৰ–দুৱাৰ এতিয়া অটব্য হাবি–জংঘলৰ মাজত গৰাকীবিহীন সম্পত্তিৰ দৰে জহি– খহি উৱলি যোৱা পৰিলক্ষিত হৈছে৷ সেইসমূহত নাই কোনো তত্ত্বাৱধায়ক, ব্যৱস্থা নাই কোনো ৰখীয়া৷ আন্তঃগাঁথনিৰ নামত চৰম প্রহসনহে পৰিলক্ষিত হৈছে৷ কেৱল চৰকাৰী অৱহেলাৰ বাবেই অপমৃত্যু ঘটিল বহু সম্ভাৱনাপূর্ণ এই কৃষি বীজ ফার্মকেইখন৷
উল্লেখ্য যে পূর্বতে কঁঠালগুৰি লালুংগাঁও বীজ পামত ব্যাপক পৰিমাণত কুঁহিয়াৰ উৎপাদন হোৱাৰ লগতে কলাইখোৱাত বীজ পামতো পর্যাপ্ত পৰিমাণৰ ধান উৎপন্ন হৈছিল৷ জিলাখনৰ বহু কৃষকে ইয়াৰ পৰা উন্নতমানৰ বীজ সংগ্রহ কৰিব পাৰিছিল৷ কিন্তু বীজ পাম দুখনৰ মৃত্যুঘণ্টা বজাত তীব্র সমস্যাত পৰিছে কৃষক৷ জিলাখনত ছয়খনকৈবহু সম্ভাৱনাপূর্ণ কৃষি বীজ ফার্ম চালু হৈ থকা হ’লে আমাৰ জিলাখনৰ দৰিদ্র কৃষকে উন্নতমানৰ কৃষি বীজ বিচাৰি আজিৰ দৰে হাবাথুৰি খাবলগীয়া নহ’লহেঁতেন৷ উন্নতমানৰ বীজ প্রতি কেজিত অত্যধিক মূল্যত কিনিব লগীয়া নহ’লহেঁতেন৷