নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত এনিশাতে ছটা চুৰিকাণ্ড

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ যোৱানিশা ধুবুৰী চহৰৰ এটা ৱাৰ্ডৰ ৬গৰাকীকৈ ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানগৃহকে ধৰি অঞ্চলটোৰ বৰলুইতৰ পাৰঘাটৰ এটা যাত্ৰীবাহী লঞ্চত সংঘটিত হোৱা চুৰি কাণ্ডৰ ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি, চহৰখনৰ ১ নম্বৰ ৱাৰ্ডক পাঁচমোৰ অঞ্চলৰ এটি টিভি ৰিপেয়িৰাংৰ দোকান, পুৰণি বসন্ত চিনেমা হ’ল বুলি পৰিচিত ঠাইৰ কাষতে থকা ছামুউল্লাহ সেখৰ পান-চিগাৰেটৰ দোকান, ৱাৰ্ডটোৰ বৰলুইতৰ কাছাৰী পাৰঘাটৰ বৈছেনী ঘোষ নামৰ মহিলা এগৰাকীকে ধৰি অঞ্চলটোৰ চাবিয়াল হক, ফকৰুদ্দিন আলী আৰু বাছেৰ আলীৰ পান-চিগাৰেট দোকানৰ উপৰিও পাৰঘাটটোত থকা এখন লেছিচালিত যাত্ৰীবাহী লঞ্চ এখনতো যোৱানিশা চুৰি হৈছে। জানিব পৰা মতে, পান-চিগাৰেটৰ দোকান কেইখনৰ পৰা চিগাৰেট আৰু গুটখাৰ পেকেট চুৰি হোৱাৰ বিপৰীতে টিভি ৰিপেয়াৰিংৰ দোকান খনৰ পৰা টিভিৰ পুৰণি পাৰ্টচ আৰু লঞ্চখনৰ পৰা ইঞ্জিনৰ কেবেল চুৰি কৰিছে চোৰে। ইপিনে এনিশাতে চহৰখনৰ এটা অঞ্চলত সংঘটিত হোৱা এই চুৰিৰ ঘটনাৰ পিছত আৰক্ষীৰ ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰা পোৱা গৈছে বহুতেই। উল্লেখ্য যে, বিগত কিছু মাহৰ পৰাই চহৰখনত ই-ৰিক্সাৰ বেটেৰী, সৰু সৰু দোকান-পোহাৰত সংঘটিত হ’বলৈ লোৱা পোৱা গৈছে চুৰি কাৰ্য্য। কিন্তু বৰ্তমানলৈ সেই চুৰিকাণ্ড কেইটাৰ সৈতে জড়িত এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like