নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ পাছত প্ৰান পাই উঠিছে ৰংজুলি ৰেল ষ্টেচন

জ্যোতিষ নাথ, টিপলাই, ১৭ মাৰ্চঃ যোৱা দুটা বছৰ লকডাউনৰ বাবে অন্যান্য ব্যৱসায়ৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ৰে’ল ষ্টেচনৰ পৰা ৰে’ল যোগে গুৱাহাটী চহৰৰ বিভিন্ন প্ৰান্তত জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ এক বৃহৎ বজাৰৰ সৃষ্টি হোৱা সেই ব্যৱসায়ত ভীষণ প্ৰভাৱ পৰিছিল। সম্প্ৰতি পুনৰ এই ব্যৱসায় মুৰ দাঙি উঠা পৰিলক্ষিত হৈছে। জিলাখনৰ ৰংজুলি ৰে’ল ষ্টেচনৰ পৰা প্ৰতিদিনে প্ৰায় দুই শতাধিক পুৰুষ-মহিলা ব্যৱসায়ীয়ে গ্ৰাম্যঞ্চলত উৎপাদিত বিভিন্ন শাক-পাচলি আৰু ফল-মূল বিক্ৰী কৰি পৰিয়াল সমুহ চলোৱাৰ লগতে আৰ্থিকভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে। সাম্প্ৰতিক সময়ত বজাৰত বিক্ৰীৰ বাবে অনা শাক-পাচলিত ৰাসায়নিক সাৰ তথা বিষাক্ত কীটনাশক দৰৱ ব্যৱহাৰ কৰি জীৱশ্ৰেষ্ঠৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি সততে শুনিবলৈ পোৱা যায়। সেই সময়তে গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁওত কৃষকসকলে নিজ নিজ  ঘৰত জৈৱিক সাৰ(পচন সাৰ) প্ৰয়োগ কৰি উৎপাদিত শাক পাচলিৰ চাহিদা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ দৰে ব্যস্ত চহৰতো সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।  জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাৰ চৰাঞ্চল আৰু  বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলত উৎপাদিত বিভিন্ন শাক পাচলি, কলফুল, আম, কঠাল, মাটিকঁঠাল, লেছু, পনিয়ল, লেতুক, প্লাম, খেজুৰ, কল, নাৰিকল আদিকে কৰি বতৰৰ বিভিন্ন শাক পাচলি, ফলমুল গাঁওৰ গৃহস্থৰ ঘৰে ঘৰে গৈ একাংশ পুৰুষ – মহিলা ব্যৱসায়ীয়ে গৈ  সংগ্ৰহ কৰে।

আৰু সেই সমুহ সামগ্ৰী প্ৰতিদিনে নিউ বঙাইগাওঁ – গোৱালপাৰা – গুৱাহাটীলৈ চলাচল কৰা “চিলাৰায়” ৰেলযোগে গুৱাহাটীৰ বিভিন্ন বজাৰত বিক্ৰী কৰিবলৈ নিয়ে। জৈৱিক ভাৱে উৎপাদিত এই সমুহ সামগ্ৰী উৎপাদন তথা বিক্ৰীৰ ক্ষেত্ৰত জিলাখনৰ ৰংজুলি, আমজোঙা, ধূপধৰা ৰেল ষ্টেচনৰ পৰা বিক্ৰীৰ বাবে নি সমগ্ৰ অঞ্চলটোকে ৰাজ্যখনৰ এক বানিজ্যিক মানচিত্ৰত স্থান দিবলৈ সক্ষম হৈছে। জিলাখনৰ  ৰংজুলি, টিপলাই, পাটপাৰা, গাৰোপাৰা, বুঢ়াবুঢ়ী, কুহিয়াৰবাৰী, পাটপাৰা, শালপাৰা, কাহিবাৰী, শিমলীতোলা, বৰপাথাৰ, দিঘলীবড়ী, গাৰোমাৰী, সুতাৰপাৰা অঞ্চলৰ বহুসংখ্যক পুৰুষ মহিলা এই ব্যৱসায়ৰ লগত জড়িত হৈ পৰাৰ লগতে বিশেষকৈ গাড়ো, বড়ো, ৰাভা সম্প্ৰদায়ৰ মহিলা এই ব্যৱসায়ৰ লগত বেছিকৈ জড়িত হৈ পৰা দেখা গৈছে। প্ৰতিদিনে ৰাতিপুৱাৰ ভাগত ৰেল যোগে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই সমূহ সামগ্ৰী বিক্ৰী কৰি সন্ধিয়া ঘৰলৈ উভতিব পৰা বাবে এই ব্যৱসায়ে যথেষ্ট সমাদৰ লাভ কৰা বুলি  সংবাদ মাধ্যমক জানিবলৈ দিয়ে একাংশ ব্যৱসায়ীয়ে। ইয়াৰ লগতে ৰাসায়নিক সাৰ আৰু অত্যাধিক কীটনাশক দৰৱ ব্যৱহাৰ কৰি উৎপাদিত শাক পাচলি বহু সংখ্যক লোকে ক্ৰয় কৰিবলৈ নিবিচাৰে যাৰ বাবে গ্ৰাম্যাঞ্চলৰ পৰা জৈৱিক কৃষি পদ্ধতিৰে উৎপাদিত সামগ্ৰীৰ চাহিদা যথেষ্ট বেছি। একাংশ লোকে ঘৰতে কৃষি কাৰ্য সম্পন্ন কৰি নিজে খাই ৰাহি হোৱা শাক – পাচলিৰ লগতে অন্য অন্য ফল মূল আদি বিক্ৰী কৰিও লাভান্বিত হবলৈ সক্ষম হৈছে। একাংশ মহিলাই ৰেলত ঘৰতে বনোৱা বিভিন্ন পিঠা, লাড়ু, চাহ, কণী বিক্ৰী কৰিও লাভবান হবলৈ সক্ষম হৈছে। পুৰুষৰ লগতে মহিলা সকলো সমানে এই ব্যৱসায়ত জড়িত হৈ পৰাতো যথেষ্ট শুভ লক্ষণ বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে। প্ৰতিদিনে ৰাতিপুৱাৰ ভাগত ৰেল আগমনৰ আগত  ৰংজুলি,আমজংগা , ধূপধৰা, শিংৰা ৰেল ষ্টেচনত শাৰী শাৰী কৈ  শাক – পাচলিৰ মোনাবোৰ ৰাখি ৰেলৰ বাবে উপেক্ষা কৰি থকা  দৃশ্য সচাকৈয়ে মনোমোহা। আগন্তুক সময়ত জিলাখনৰ ওপৰত উল্লেখিত ৰেল ষ্টেচন সমুহৰ লগতে সমগ্ৰ জিলাখনকে এক ব্যৱসায়ীক ৰাজধানীত পৰিণত কৰিব।

You might also like