নিয়মীয়া বাৰ্তা,৪ ফেব্ৰুৱাৰী-মাৰাত্মক বৰবিহ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ঢকুৱাখনা আৰক্ষী। বৃহস্পতিবাৰে আৰক্ষীয়ে ঢকুৱাখনা নগৰৰ মাজমজিয়াৰ এখন দোকানৰ পৰা ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছৰ সৈতে আটক কৰাৰ পিছতেই আজি তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক লখিমপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে কালি বিয়লি এক গোপন খবৰৰ ভিত্তিত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে নগৰখনৰ বৰুৱা মাৰ্কেট”ত অৱস্থিত “সমীৰ ফেচন” নামৰ এখন জোতা-চেণ্ডেল দোকানৰ পৰা ০.৮২০ গ্ৰাম হেৰ’ইন আৰু ৪ খালী কন্টেনাৰ সহ তিনি সৰবৰাহকাৰীক আটক কৰিছিল।
উক্ত সমীৰ ফেচন নামৰ জোতা-চেণ্ডেলৰ দোকানৰ পৰাই দীৰ্ঘদিনে নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগত ঢকুৱাখনা আৰক্ষীয়ে “সমীৰ ফেচন”ৰ স্বত্বাধিকাৰী তথা মাণিকপুৰ গাঁৱৰ সমীৰ আলী (৩৬), হৰচিক (অশ্বিক)আলী (২৬) আৰু কচুগাঁৱৰ মিগম দলে (২২)ক আটক কৰি সোধপোছ কৰাৰ অন্তত গোচৰ নং-১৯/২০২২ৰ এন ডি পি এছ আইন ১৯৮৮ৰ ধাৰা নং -২১(এ) অধীনত ধৃত তিনি যুৱকক জেললৈ নিক্ষেপ কৰে ।
প্ৰেৰক পুলকজ্যোতি বৰা