হায়দৰাবাদত সৰ্পদংশনত মৃত্যু ৰহাৰ ব্যক্তি ৰাজু দাসৰ
নিয়মীয়া বাৰ্তা, ২০ জুনঃ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বামুণীয়া গাঁও নিৱাসী ৰাজু দাস (৫০) নামৰ এগৰাকী ব্যক্তি আজি নিশা হায়দৰাবাদতত অকাল মৃত্যুক সাৱটি লয়।
জানিব পৰা মতে, বহিঃৰাজ্য তথা তেলেঙ্গনা ৰাজ্যৰ হায়দৰাবাদ মালকাপুৰৰ অৰটিন লেবৰেটৰী লিমিটেডত চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে বিগত নবছৰে কাম কৰি পৰিয়াল পোহপাল দিয়া ৰহা বামুণীয়া গাঁৱৰ ৰাজু দাস নামৰ ব্যক্তিগৰাকীয়ে কালি নিশা দুই সহকৰ্মীৰ সৈতে আহাৰ গ্ৰহণ কৰি এটা কোঠাত একেলগে শুই পৰে।
কিন্তু নিশা প্ৰায় দহ বজাত ৰাজু দাসৰ হাতৰ আঙুলিত কিবা পোকে কামোৰাত সাৰপাই লগৰীয়াকেইজনক টোপনিৰ পৰা জগাই দিয়ে। লগে লগে লগৰীয়াকেইজনে কোঠাৰ লাইট জ্বলাই দিয়াত কোঠাটোৰ ভিতৰত এডাল বিষাক্ত ফেঁটী সাপ দেখা পাই হুৱাদুৱা লাগে আৰু ৰাজু দাসক সাপে দংশন কৰাৰ সন্দেহ কৰে। তেতিয়াই লগৰীয়াকেইজনে ৰাজু দাসক হাতত এখন কাপোৰেৰে বান্ধি নিকটৱৰ্তী এখন হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত নিশা প্ৰায় আঢ়ৈবজাত চিকিৎসালয়তে মৃত্যুক সাৱটি লয়।
বৰ্তমান মহামাৰী ক’ৰোনাৰ বাবে যাতায়াতৰ অসুবিধাৰ হেতু কৰ্মস্থলীতে অন্তিম সৎকাৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে দুই কন্যা,পত্নীসহ সুখ-দুখৰ মাজেৰে জীৱন নিৰ্বাহ কৰা ৰাজু দাসৰ কনিষ্ঠ জীয়ৰী সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ডাঙৰ জীয়ৰী আৰু জোঁৱায়েকো হায়দৰাবাদৰ এক কোম্পানীত কাম কৰি আছিল। ৰাজু দাসৰ এনে অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।