সৰভোগত সৈনিক শিল্পী ব্রজনাথ শর্মা বঁটা ৰীণা বৰাক প্রদান
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কালি ভ্রাম্যমাণৰ বলিষ্ঠ অভিনেত্রী ৰীণা বৰাক ‘শিল্পী সৈনিক ব্রজনাথ শর্মা’ বঁটা প্রদান কৰে৷ অসমৰ নাট্য জগতৰ প্রবাদপুৰুষ, সহ অভিনয়ৰ বাটকটীয়া, স্বাধীনতা ৰণৰ সেনানী শিল্পী সৈনিক ব্রজনাথ শর্মাৰ স্মৃতিত ৰাজ্য চৰকাৰে ২০১৭ চনৰ পৰা তিনি বছৰৰ মূৰে মূৰে এই বঁটা প্রদান কৰি আহিছে৷
কালি দিনৰ ১.৩০ বজাত সৰভোগৰ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু বৰপেটা জিলা প্রশাসনৰ সহযোগত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্রী সোণোৱালে ভ্রাম্যমাণৰ বিশিষ্ট অভিনেত্রী ৰীণা বৰাক ‘শিল্পী সৈনিক ব্রজনাথ শর্মা’ বঁটা প্রদান কৰে৷
বঁটা প্রদান উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস আৰু মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীয়েও অংশগ্রহণ কৰে৷ সভাত মুখ্যমন্ত্রী সোণোৱালে কয় যে শিল্পী সৈনিক ব্রজনাথ শর্মাই অসমৰ নাট্য জগত, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্রত অনবদ্য অৱদান আগবঢ়াই গৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয় যে জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ যুৱ চামে সংস্কৃতি চর্চাত নতুন চিন্তাৰে আগুৱাই যাব লাগিব৷
বঁটা প্রদানৰ পূর্বে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে স্বাধীনতা ৰণৰ সেনানীগৰাকীৰ স্মৃতিত নির্মিত ব্রজ সদন উদ্বোধন কৰে৷ ব্রজ সদনত মুখ্যমন্ত্রী সোণোৱালক ভ্রাম্যমাণ থিয়েটাৰৰ জনপ্রিয় শিল্পী মৃদুল ভুঞা, প্রাণজিৎ দাস, যতীন বৰা, কৃষ্ণমণি চুতীয়া, জয়ন্ত ভাগৱতী, বিদ্যাসাগৰ, জয় চক্রৱর্তী, সীমান্ত শেখৰ প্রাঞ্জনা দত্ত, বিৰিণা পাঠক, আশা বৰদলৈ প্রমুখ্যে শিল্পীসকলে সাম্প্রতিক সময়ত ভ্রাম্যমাণ থিয়েটাৰলৈ নামি অহা সংকটৰ কথা অৱগত কৰে৷