নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ কংগ্ৰেছী নেতাৰ পুত্ৰ

নিয়মীয়া বাৰ্তা, ৭ জুলাই : কাছাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এইবাৰ কাছাৰ জিলাত ড্ৰাগছ সৰবৰাহৰ অপৰাধত আৰক্ষীয়ে কংগ্ৰেছী নেতাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সোণাই সমষ্টিৰ সম্ভ্ৰান্ত পৰিয়াল তথা কংগ্ৰেছী নেতা ফাইজুল হক লস্কৰৰ পুত্ৰ, মধ্য সোণাই জিলা পৰিষদৰ প্ৰতিনিধি তথা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ইজাজ লস্কৰৰ ভাতৃক ড্ৰাগছ সৰবৰাহৰ অভিযোগত লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কংগ্ৰেছী নেতাৰ পুত্ৰই ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোটি কোটি টকাৰ ড্ৰাগছ সৰবৰাহৰ সৈতে সোণাই সমষ্টিৰ কংগ্ৰেছী পৰিয়ালৰ সদস্য জড়িত হোৱাৰ ঘটনাই সমগ্ৰ বৰাক উপত্যকাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, লক্ষীপুৰ সমষ্টিৰ বিন্নাকান্দি এলেকাৰ পৰা এখন ইনোভা বাহনৰ পৰা  বিপুল পৰিমাণৰ হেৰ’ইন উদ্ধাৰৰ লগতে কংগ্ৰেছী নেতাৰ পুত্ৰ তথা যুৱ কংগ্ৰেছৰ সদস্যসহ আন এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে,  বৃহস্পতিবাৰে নিশা লক্ষীপুৰ মহকুমাৰ এছডিপিঅ দীপক কুমাৰ আৰু কাছাৰ আৰক্ষীৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰৰ বিন্নকান্দি ঘাটৰ কাষৰীয়া অঞ্চলৰ পৰা প্ৰায় ২ কেজি সন্দেহযুক্ত হেৰ’ইনসহ ৫৫টা চাবোনৰ বক্স  জব্দ কৰে। লগতে দুই সৰবৰাহকাৰী সোণাই থানাৰ অন্তৰ্গত দ্বিতীয় তুলাৰগ্ৰাম খন্ডৰ ইমৰাণ হোছেইন লস্কৰ (২৬) আৰু আনজন কচুদৰম বজাৰৰ  লালমনি লস্কৰ (২৮) । ইয়াৰ ভিতৰত ইমৰাণ হোছেইন লস্কৰ হ’ল কংগ্ৰেছি নেতাৰ পুত্ৰ। শুকুৰবাৰে কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে এই সন্দৰ্ভত কয় যে,  জব্দ কৰা হেৰ’ইনৰ মূল্য ১০ কোটি টকা। গ্ৰেপ্তাৰ কৰা দুজনক শিলচৰ আদালতলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকক আৰক্ষীয়ে তিনিদিনৰ বাবে ৰিমাণ্ডত লৈছে। তেওঁলোকৰ সৈতে যদি আন কোনোবাই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত  তেন্তে তেওঁকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ’ব বুলি সদৰি কৰে। ইপিনে, জিৰিঘাট আৰক্ষীয়ে কালি মাখননগৰত অভিযান চলাই ২১ লক্ষ টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ড্ৰাগছ সৰবৰাহকাৰী তুজাৰিক উদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
প্ৰেৰক গৌতম তালুকদাৰ
You might also like