নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত সহস্রাধিক জনজাতীয় লোক বিজেপিলৈ

মিলাপ্রীতিৰে থকাৰ বাবেহে উন্নয়ন সম্ভৱ হৈছেঃ মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ  শুকুৰবাৰে গুৱাহাটী মহানগৰ জিলা বিজেপিৰ উদ্যোগত আৰু ডিমৰীয়া মণ্ডল বিজেপিৰ সহযোগত সোণাপুৰ খেলপথাৰত ভাৰতীয় জনতা পার্টীৰ বিশাল যোগদান কার্যসূচী অনুষ্ঠিত হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত ৰাজ্যৰ ভিন্ন প্রান্তৰ কেইবাস বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকৰ উপৰি আম্ৰি কার্বি জনগোষ্ঠীৰ কেইবাগৰাকীও শীর্ষ নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ ইফালে যোগদান কার্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয় যে ভাৰতীয় জনতা পার্টী ৰাইজৰ দল৷ ৰাজ্যখনৰ প্রতিটো ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠীৰ হকে কাম কৰি তেওঁলোকৰ অভাৱ–ভিযোগসমূহ পূৰণ কৰি আহিছে বিজেপি চৰকাৰে৷ ৰাজ্যখন উন্নয়নৰ ক্ষেত্রত দোপতদোপে আগবাঢ়ি যোৱাৰ লগতে দেশখনৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ বিজেপিত ভাতৃত্ববোধ,বন্ধুত্ব, মৰম–চেনেহ আছে৷ এইদৰে উন্নয়নৰ ক্ষেত্রত আগবাঢ়ি গৈ থাকিলে অসমে অকল দেশৰে নহয় বিশ্বৰ ভিতৰতে এখন উন্নয়নকামী ৰাজ্য হিচাপে প্রতিষ্ঠা লাভ কৰিব বুলিও উল্লেখ কৰে৷ অসমত বসবাস কৰা ৭০ লাখ সাধাৰণ লোক বিজেপি চৰকাৰখনৰ বাবে বিশেষভাৱে উপকৃত হৈছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ শাসন কালত সাধাৰণ ৰাইজৰ অভাৱ–ভিযোগৰ প্রতি কোনো গুৰুত্ব দিয়া নাছিল৷ যাৰ বাবে সর্বসাধাৰণ ৰাইজ বিভিন্ন সমস্যাৰে জর্জৰিত হৈ পৰিছিল৷

ৰাজ্যখনৰ কৃষ্টি, সংস্কৃতি তথা পৰম্পৰা উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰিছে বিজেপি চৰকাৰে৷ মাটি, ভেটি, ভাষা, কৃষ্টি, সংস্কৃতি সুৰক্ষিত হৈছে৷ ৰাজ্য তথা দেশ সুৰক্ষাৰ স্বার্থত সকলো ৰাইজৰে সহায়–সহযোগিতা কামনা কৰিছে৷ সকলো জাতি–জনগোষ্ঠীৰ লোক মিলাপ্রীতিৰে থকাৰ বাবেহে ৰাজ্যখনত উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ সভাত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ভাষণত দিছপুৰ সমষ্টিৰ সকলো জাতি–জনগোষ্ঠীৰ সমর্থনত দিছপুৰ সমষ্টি দখল কৰিব বুলিও উল্লেখ কৰে৷ সভাখনত ৰাজ্যৰ বিভিন্ন প্রান্তৰ উপৰি অসম–মেঘালয় সীমান্তৱর্তী পাহাৰীয়া অঞ্চলত বসবাস কৰা কেইবাসহস্র আম্ৰি কার্বি জনগোষ্ঠীৰ লোকে বিজেপিত যোগদান কৰে৷ সভাত মহানগৰ জিলা বিজেপিৰ সভাপতি মৃগেন শৰণীয়া, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি জয়ন্ত কুমাৰ দাস, ডিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি উদয় মজুমদাৰ, তিৱা স্বায়ত্ত পৰিষদৰ উপ–মুখ্য কার্যবাহী সদস্য তুলসী বৰদলৈকে প্রমুখ্য কৰি কেইবাগৰাকীও ৰাজ্যিক তথা জিলা পর্যায়ৰ বিষয়ববীয়াই অংশগ্রহণ কৰে৷ মন কৰিবলগীয়া যে আজিৰ এই যোগদান কার্যসূচী সমাপ্ত হোৱাৰ পিছতে মঞ্চৰ পৰা ওলাই যোৱা সময়তে মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত আম্ৰি কার্বি জনগোষ্ঠীৰ নাম উল্লেখ নকৰাত ক্ষুব্ধ হৈ একাংশ আম্ৰি কার্বি ৰাইজে বিজেপি মুর্দাবাদ ধ্বনি দিয়ে৷

You might also like