সোণাৰি চাপৰিৰ ট্ৰাইবেল হাইস্কুল পৰীক্ষা কেন্দ্ৰত মিচিং ভাষা শিক্ষাৰ পৰীক্ষা
নিয়মীয়া বাৰ্তা, ১২ জুনঃ অসমৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ৭৩টা মিচিং ভাষা শিক্ষাৰ পৰীক্ষা কেন্দ্ৰৰ ১৭৮১৭ পৰীক্ষাৰ্থী সকলৰ লগতে সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুল পৰীক্ষা কেন্দ্ৰতো ১০৮গৰাকী পৰীক্ষাৰ্থীয়ে মিচিং ভাষা শিক্ষাৰ পৰীক্ষাত অৱতীৰ্ণ হয় ৷ সোণাৰি চাপৰি মুহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত এমবিকে, এমএকে, টিএমএমকে , এমএমকে , টিএমপিকে , এমডিকে আদি জাতীয় সংগঠন সমুহৰ উদ্যোগত অনুস্থিত মিচিং ভাষা শিক্ষাৰ ছয় মহীয়া পাঠ দানৰ অন্তত আজি সোণাৰি চাপৰি অঞ্চলত সিঁচৰতি হৈ থকা মিচিং বসতিপূৰ্ণ এলেকাসমুহৰ ১০৮গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱা পৰীক্ষা কেন্দ্ৰটো পৰিচালনা কৰে সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহ শিক্ষক ৰাজেন টাকু আৰু মুহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহঃ শিক্ষক অজয় দলেই ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি