সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলত “ প্ৰেৰণাৰ এপষেক ’’ শীৰ্ষক কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ২৬ মেঃ ঢকুৱাখনাৰ হোমেন বৰগোহাঞি ন্যাস আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত প্ৰতিথযশা সাহিত্যিক সাংবাদিক কথাশিল্পী হোমেন বৰগোহাঞি সৃষ্টিৰাজি আৰু তেখেতৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মহান উদ্দেশ্যে বৰগোহাঞিৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ঢকুৱাখনাত ১২ মে’ৰ পৰাই আৰম্ভ কৰা হৈছে প্ৰেৰণাৰ এপষেক নামৰ এক বিশেষ কাৰ্যসূচীৰ ৷ প্ৰেৰণা এপষেকৰ এই বিশেষ কাৰ্যসূচী ইতিমধ্যে ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়ত অনুস্থিত কৰি আহি আজি সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলতো অনুষ্ঠিত কৰা হয় প্ৰেৰণা এপষেকৰ বৰ্ণিল কাৰ্যসূচী ৷ সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰীণামাই চুতীয়াৰ সভাপতিত্বত অনুস্থিত আৰু হোমেন বৰগোহাঞি ন্যাসৰ সচিব প্ৰধান সেৱক চুতীয়াই আত ধৰা সভাখনত হোমেন বৰগোহাঞি ন্যাসৰ অধ্যক্ষ ডিম্বেশ্বৰ গগৈ, সমল ব্যক্তি গীতাৰ্থী গগৈ, ৰবীন পেগু আদিৰ লগতে সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি