কাইলৈ ভোটগণনাৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন
নিয়মীয়া বাৰ্তা, ৩ জুনঃ সদ্য সমাপ্ত অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন। আজি জিলা আয়ুক্ত সভাকক্ষত আয়োজিত সংবাদমেল সম্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিৰ তেজপুৰ দৰং মহাবিদ্যালয়ত, বিশ্বনাথৰ দুটা সমষ্টি বিশ্বনাথ আয়ুক্তৰ কাৰ্যালয়ত, গহপুৰত এটা সমষ্টি মহকুমাধিপতি কাৰ্যালয়ত আৰু বিহপুৰীয়া সমষ্টিৰ ভোট গণনা লক্ষীমপুৰত হব। পুৱা ৫.৩০ বজাত ষ্ট্ৰং ৰোম খুলিব আৰু ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হব। সভাত সাধাৰণ পৰ্যবেক্ষক তিনি গৰাকী উপস্থিত থাকে। গণনাৰ বাবে ৬২০গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰাৰ লগতে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলি সদৰি কৰে। জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ উপস্থিত থাকি ভোট গণনাৰ বাবে গ্ৰহন কৰা সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত দাঙি ধৰে।
প্ৰেৰক হিমাংশু শইকীয়া