নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বটদ্রৱাত কেন্দ্রীয় মন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট:  ২২ আগষ্টত অসমীয়া জাতিৰ জনক জগতগুৰুজনাৰ জন্মস্থান বটদ্রৱা থানত উপস্থিত হ’ব ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় জাহাজ, বন্দৰ আৰু আয়ুস মন্ত্রালয়ৰ মন্ত্রী সর্বানন্দ সোণোৱাল৷ তাৰে পৰিপ্রেক্ষিতত ইতিমধ্যে বটদ্রৱা থানত প্রস্তুতি আৰম্ভ হৈছে কেন্দ্রীয় মন্ত্রীগৰাকীক আদৰিবলৈ৷

কেন্দ্রীয় মন্ত্রীগৰাকীৰ বটদ্রৱালৈ আগমন সন্দর্ভত সকলো পৰিৱেশ পর্যবেক্ষণৰ বাবে নগাঁৱৰ বিধায়ক ৰূপক শর্মা আৰু বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শর্মা, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, ৰাজ্যিক কার্যনির্বাহক সদস্য ৰোহিণী বৰা প্রমুখ্যে বিজেপিৰ নেতা–কর্মীসকলে আজি বিয়লিৰ ভাগত গুৰুজনাৰ জন্মস্থানত বটদ্রৱা থান পৰিচালনা সমিতিৰ লগত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷

উল্লেখ্য যে সর্বানন্দ সোণোৱাল অসমত উপস্থিত হৈ আশীর্বাদ যাত্রা আৰম্ভ কৰিব আৰু তাৰেই অংশ হিচাপে ২২ আগষ্টত গুৰুজনাৰ জন্মস্থানত সেৱা আগবঢ়াব৷

You might also like