নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তকণ্ঠ : ধর্মান্ধতা মনুষ্যত্বৰ মৃত্যুঘণ্টা

নগেন শইকীয়া

আমি ভাৰতীয় শিক্ষা, সভ্যতা, দর্শন, সংস্কৃতি এই আটাইবিলাকৰ প্রাচীনত্ব আৰু শ্রেষ্ঠত্বক লৈ গৌৰৱ কৰি আহিছোঁ৷ আনকি আমাৰ দেশখনে স্বাধীনতা লাভৰ বাবে ইংৰাজৰ বিৰুদ্ধে যুঁজোতেও গান্ধীজীৰ নেতৃত্বত অহিংস ডপায় গ্রহণ কৰিছিল৷ নেতাজী সুভাষ চন্দ্র বসুৱে যদিও সশস্ত্র বাহিনী গঠন কৰি যুঁজাৰ বাবে যত্ন কৰিছিল, সেই যত্ন সফল কৰিব নোৱাৰিলে৷ ছাভাৰকাৰকে ধৰি অনেকে সুভাষ বসুৰ আর্হিৰেই আগবাঢ়িবলৈ যত্ন কৰাৰ ফলত তেওঁ আন্দামানৰ চেলুলাৰ জেইলত বন্দী হৈ থাকিবলগীয়া হৈছিল৷ তেওঁ ইংৰাজ চৰকাৰলৈ ৫খন চিঠি লিখাৰ পিছতহে ওলাই আহিবলৈ সমর্থ হৈছিল৷ ভাৰতবর্ষত সেই সময়ত গঠিত হোৱা ‘জনসংঘ’ৰ অনেকে কংগ্রেছৰ পথেৰে আগবাঢ়িব খোজা নাছিল৷

কোনো সন্দেহ নাই, ভাৰতবর্ষৰ দেশে দেশে (স্বাধীন সৰু সৰু দেশে) সেই সময়ত যুদ্ধ–বিগ্রহ নলগা নহয়৷ কিন্তু সেয়ে হ’লেও ভাৰতবর্ষৰ বিভিন্ন দেশৰ জনসাধাৰণৰ বিবেক পৰিচালিত হৈছিল তেওঁবিলাকে ক’ব নোৱৰাকৈয়ে ভাৰতীয় দর্শনৰ তত্ত্ব আৰু কাব্য–মহাকাব্যসমূহ্ পৰা লাভ কৰা মানৱীয় আৰু সামাজিক ভাৰতীয় মূল্যবোধৰ দ্বাৰা৷ ভাৰতীয় সভ্যতাৰো কাৰিকৰ আছিল ভাৰতীয় জনসাধাৰণ৷ ৰজা আৰু ধনাঢ্য ব্যক্তিসকলে প্রাসাদ সাজিছিল, নিজৰ ধর্ম হওক বুলি মংগলৰ বাবে মঠ–মন্দিৰো সজাইছিল৷ সন্দেহ নাই এইবিলাকো সাধাৰণ মানুহৰ মাজৰ কাৰিকৰসকলেই সাজি ডলিয়াইছিল৷ কিন্তু ভাৰতীয় তথাকথিত তলৰ স্তৰৰ বুলি জ্ঞান কৰাসকলক মন্দিৰত প্রৱেশ কৰিবলৈ নিদিছিল৷

ভাৰতৰ সনাতন ধর্মৰ ঘাই শিপাডাল ভাৰতীয় দর্শনৰ তত্ত্বৰ মাজত সোমাই আছিল, এতিয়াও আছে আৰু আগলৈও থাকিব৷ ভাৰতীয় দর্শনৰ ঘাই তত্ত্ব হ’ল বেদান্তৰ তত্ত্ব৷ তত্ত্ব হ’ল পণ্ডিতৰ বাবে৷ এই তত্ত্বৰ ভিত্তিত সর্বসাধাৰণ মানুহৰ নিমিত্তে সৃষ্টি হ’ল কাহিনীৰ বা আখ্যানৰ, যাতে সর্বসাধাৰণ মানুহে এই আখ্যান আৰু কাহিনীৰ মাজেদি বিশ্বাসেৰে ধর্মৰ আধাৰত জীৱন–যাপন কৰিব পাৰে৷ ভাৰতীয় সনাতন ধর্মই সেইবাবে সমগ্র বিশ্বত আপোন জ্ঞান কৰিবলৈ শিক্ষা দিছে৷ মানুহকে ধৰি সকলো প্রাণীকে একে ‘অমৃতৰ সন্তান’ বুলি কৈছে৷ ‘অমৃত’ মানে হ’ল যাৰ মৃত্যু নাই৷ মৃত্যু নাই অনন্ত বিশ্ব ব্রহ্মাণ্ডৰ, মানুহে পঞ্চ জ্ঞানেন্দ্রিয়ৰে চিনিব নোৱৰা ঘাই শক্তি ‘ঈশ্বৰ’৷ ‘ঈশ্বৰ’ শব্দটোৰ অর্থ হ’ল যি শক্তিয়ে সর্বত্র আধিপত্য বিস্তাৰ কৰি থাকে৷ সেইবাবে মানুহক অমৃতৰ পুত্রস্বৰূপ ডদ্দেশ্য কৰি কৈছে ‘শৃনন্তু বিশ্বে অমৃতস্য পুত্রাঃ’৷ সর্বসাধাৰণ মানুহে ধর্মৰ আখ্যানৰ যোগেদি সেই শক্তিত বিশ্বাস কৰে আৰু সমস্ত প্রাণীক সমান জ্ঞান কৰে৷

সর্বোপৰি অত্যন্ত গুৰুত্বপূর্ণ এটা সংবাদ হৈছে বিশ্ববিখ্যাত বিজ্ঞানী আইনষ্টাইনে মার্থা মাংক নামৰ এগৰাকী মহিলালৈ লিখা চিঠিত৷ এই চিঠিত তেওঁ বিস্তাৰিতভাৱে ঈশ্বৰৰ অস্তিত্ব সম্পর্কে লিখিছিল বুলি ওলোৱা এটা বাতৰিত (নিয়মীয়া বার্তা, ২৪ জুলাই, ২০২৩) চমুকৈ প্রকাশ কৰিছে৷ মানুহৰ পৰস্পৰবিৰোধী ধর্মৰ ব্যাখ্যা সম্পর্কে তেওঁ বিস্ময় প্রকাশ কৰিছে৷ পত্রখন নিলামত দিছে ‘দা ৰেব কালেকচন’ নামৰ এটা আমেৰিকান সংস্থাই৷ তেওঁ চিঠিখনত এই অনন্ত বিশ্বব্রহ্মাণ্ড এক অসীম শক্তিৰ সৃষ্টি বুলি কৈছে আৰু যিসকল ব্যক্তি বিজ্ঞানমনস্ক তেওঁলোকৰ বাবে বিশ্বসৃষ্টি সম্পর্কে ধর্মৰ ব্যাখ্যা বিজ্ঞানসন্মত নহয় বুলি ডল্লেখ কৰিছে৷ অৱশ্যে আমি অনুভৱ কৰোঁ যে ধর্ম বিশ্বাসে শিকোৱা মানৱীয় আৰু সামাজিক মূল্যবোধসমূহৰ বছা বছাখিনিৰ মূল্য আছে৷

যিহেতু ভাৰতীয় সনাতন ধর্মৰ উপনিষদীয় তত্ত্বৰো এয়ে ঘাই শিক্ষা, মানুহ যি ধর্মৰে নহওক, মানুহৰ মাজত কোনো প্রভেদ থাকিব নোৱাৰে৷ শংকৰদেৱে বিভিন্ন ঠাইত এই সত্য কৈ গৈছে৷ সময়ত ধর্মৰ কথা কওঁতে কৈছে, ‘‘বেদান্তৰো জানা এহিসে তত্ত্ব’’৷ কোনো ঠাইত কৈছে, ‘‘সকল প্রাণীক দেখিবাহা আত্মসম’’৷ আনকি ব্রাহ্মণ আৰু চণ্ডালৰো জাতি বিচাৰ কৰিবলৈ মানা কৰিছে৷ কিন্তু সম্প্রতি ভাৰতবর্ষত ধর্মৰ বহিঃআচৰণৰ প্রভাৱে যেতিয়া ধর্মৰ প্রকৃত শিক্ষাক দূৰলৈ ঠেলি দিয়া দেখোঁ, ভয় হয় আমি ‘ভাৰতীয়ত্ব’ক নাশ কৰিবলৈ গৈছোঁ৷ তাৰ প্রমাণ বর্তমানৰ হত্যা, ধর্ষণ, দলাদলি, আক্রমণাত্মক উগ্র কথা আৰু কামে প্রতিদিনেই অধর্ম বাঢ়ি অহাৰ খবৰে দি আছে৷

সমাজত ব্রাহ্মণসকলক উচ্চ স্থান যিদৰে দিয়া হৈছিল, তেনেদৰে চণ্ডালক অর্থাৎ শ্মশানত কাম কৰা মানুহক সমান জ্ঞান কৰা নহৈছিল, এতিয়াও সেই ভাব আঁতৰা নাই৷ মানুহ হিচাপে যিদৰে ব্রাহ্মণ আৰু চণ্ডালৰ মাজত পার্থক্য নাই, তেনেভাবে দান দিয়া জন আৰু এজন চোৰৰ মাজতো মানুহ হিচাপে কোনো পৃথকতা নাই৷ কিন্তু ভাৰতবর্ষত নিজকে ডচ্চস্তৰৰ বুলি ভবা অনেক সামাজিক–ৰাজনৈতিক নেতায়ো এনে জ্ঞান ভৰিৰে মোহাৰি জাতিভেদ প্রথা, ধর্মভেদ প্রথা চলাই আহিছে৷ অর্থাৎ তেওঁবিলাকে জাত, পাত আৰু ধর্মৰেহে মানুহক চিনি পায়, জ্ঞানেৰে নহয়৷ এনে লোকৰ যত্নতেই ধর্মৰ তত্ত্বক দূৰলৈ ঠেলি দি ধর্মৰ কিছুমান অবৈজ্ঞানিক আচৰণকে ধর্ম বুলি বিশ্বাস কৰা অবাঞ্ছনীয় পথ প্রত্যেক ধর্মতে গঢ় লৈ ডঠিল৷ সনাতন ধর্ম, যাক পৰৱর্তী কালত হিন্দু ধর্ম বুলি মানুহে কোৱা হ’ল, এই হিন্দু ধর্ম আৰু ইছলাম ধর্মৰ আচৰণকে তথাকথিত ধর্মগুৰুসকলে ধর্ম জ্ঞান কৰাৰ ফলত নিজৰ ধর্মৰ বাহিৰে আন ধর্মক তুচ্ছ কৰা, আনকি প্রচণ্ডভাৱে হিংসা কৰাৰ প্রবৃত্তিক শক্তিশালী কৰাৰ যত্ন এতিয়াও চলি আহিছে৷ ইয়াৰ মূলতে হ’ল ধর্মৰ তত্ত্বজ্ঞানহীনসকল ধর্মৰ ভুল ব্যাখ্যাকাৰ হোৱাটো৷

খ্রীষ্টধর্মৰ ঘাই শিক্ষা হ’ল ‘‘মানৱ প্রেমেই ঈশ্বৰ প্রেম আৰু মানৱ সেৱাই ঈশ্বৰ সেৱা’’৷ এই তত্ত্বজ্ঞান ‘ঈশ্বৰ–পুত্রস্বৰূপ’ যীশুখ্রীষ্টই প্রচাৰ কৰি গৈছে৷ আনহাতে যিহেতু সর্বসাধাৰণ মানুহে ঈশ্বৰ আছে বুলিও প্রমাণ কৰিব নোৱাৰে আৰু নাই বুলিও প্রমাণ কৰিব নোৱাৰে, সেইবাবে বুদ্ধদেৱে সকলোৰে বাবে নিজৰ অন্তৰৰ পৰা নিজৰ চৰিত্র গঢ়ি তুলিবলৈ আৰু তাৰ যোগেদি ঐহিক তথা সামাজিক মংগল সাধন কৰিবলৈ পঞ্চশীল, দশশীল, চৌব্বিছশীল আদি নিয়মেৰে পৰিচালিত হ’বলৈ দি যোৱা শিক্ষাই বৌদ্ধ ধর্মৰ ঘাই ভেটি নির্মাণ কৰি দিলে৷ দেখা গৈছে খ্রীষ্টধর্ম আৰু বৌদ্ধধর্মত পৰৱর্তী কালত শাখা–প্রশাখা সৃষ্টি হ’লেও ঘৃণা আৰু হিংসাই ঠাই পোৱা নাই৷ কিন্তু হিন্দু আৰু ইছলাম ধর্মত ঘৃণা আৰু হিংসাৰ মাত্রা দিনে দিনে অধিক হৈ আহি থকাৰ দৰে অত্যন্ত অবাঞ্ছনীয় ঘটনা দেখা গৈছে৷ ধর্ম যেতিয়া ৰাজনীতিৰ লগত একাকাৰ কৰা হয়, তাৰ ফল বিষময় হ’বই৷

আধুনিক ভাৰতবর্ষত ব্রিটিছ শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবলৈ গঢ়ি তোলা স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া গান্ধীজীয়ে ভাৰতীয় দর্শনৰ মূল তত্ত্বৰ আধাৰতে কর্মসূচী গ্রহণ কৰিছিল আৰু তেওঁৰ অনুগামীসকলক তেনেভাবেই শিক্ষা দিছিল৷ তেওঁ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’(My experiment with Truth)ত সেই কথা মুকলিকৈ কৈ গৈছে৷ কেৱল সেয়ে নহয়, তেওঁ শ্রীমদ্ভগৱদ্গীতাৰ দি যোৱা ব্যাখ্যাই ভাৰতীয় দর্শন আৰু ধর্মৰ মূল তত্ত্বৰ ওচৰ চাপিবলৈ এতিয়াও বাট দেখুৱাই আছে৷ সকলো মানুহক মানুহ হিচাপে সমান জ্ঞান কৰাৰ নিমিত্তেই ইংৰাজৰ বিৰুদ্ধে অস্ত্র তুলি লোৱাৰ পৰিৱর্তে অহিংস আন্দোলনৰ পথ কাটি সেই বাটেদি অনুগামীসকলক লৈ গৈছিল৷ তেওঁ হিন্দু আৰু মুছলমানৰ মাজতো কোনো পৃথকতা ৰক্ষা কৰা নাছিল৷ অন্তৰৰ পৰা গ্রহণ কৰা এই শিক্ষাও তেওঁ বেদান্তৰ তত্ত্বৰ পৰাই লাভ কৰিছিল৷

স্বাধীনতা লাভ কৰিবলৈ গান্ধীজীৰ বিৰোধিতা সত্ত্বেও, ইংৰাজৰ কৌশল অনুসৰি, হিন্দুস্থান আৰু পাকিস্তানৰ নামত ভাৰতবর্ষক দুখণ্ড কৰা হ’ল৷ সেইসকল ভাৰতীয় হিন্দুৱে গান্ধীজীৰ এই সৎ আৰু মহৎ ভাৰতীয় দর্শন আৰু ধর্মৰ তত্ত্ব সামান্যভাবেও অনুভৱ কৰিব নোৱৰাসকলে মুছলমানসকলৰ প্রতি ঘৃণা আৰু হিংসাৰ ভাবেৰে সংঘবদ্ধ হ’বলৈ ধৰিলে৷ সেইসকলৰে এজন যাৰ নাম নাথুৰাম গড্ছে, তেওঁ গান্ধীজীক হত্যা কৰিলে৷ যিসকলে এতিয়াও নাথুৰাম গড্ছেৰ মূর্তি প্রতিষ্ঠা কৰিব লাগে বুলি দাবী কৰে সেইসকলেই ভাৰতীয় দর্শন আৰু ভাৰতীয় সনাতন ধর্মৰ তত্ত্বকো গান্ধীজীৰ দৰেই বলি দিবলৈ ডদ্যত হৈ আহিছে৷ হিংসা আৰু ঘৃণাৰ অস্ত্র হাতত তুলি লোৱাসকলক ভাৰতীয় তত্ত্ব আৰু সনাতন ধর্মৰ অনুগামী বুলি মানুহৰ ভৱিষ্যতৰ ইতিহাসে স্বীকাৰ কৰিবনে? ভাৰতবর্ষৰ স্বাধীনতাৰ ‘অমৃতকাল’ ডদ্যাপন কৰাৰ সময়ত, ঘৃণা আৰু হিংসাৰ ঠাইত প্রেম আৰু অহিংসাৰে ভাৰতবর্ষৰ স্বাধীনতা আন্দোলন গঢ়ি তোলা মহাত্মা গান্ধীজীৰ হত্যাক সমর্থন কৰাসকল ধর্মৰ নামত নিষ্প্রাণ দেৱ–দেৱতাৰ মূর্তিৰ আগত নৰবলি দিয়াৰ সমর্থক বুলি ক’লে ভুল হ’বনে?

বর্তমান বিশ্বৰ বিভিন্ন দেশৰ শাসনত অধিষ্ঠিতসকলে বিবেকৰ দ্বাৰা পৰিচালিত হৈ আক্রান্ত কোনো বন্বুূ দেশক ৰক্ষা কৰাৰ বাবে সাহায্য দান কৰিবই লাগিব৷ কিন্তু নিজৰ শক্তি বঢ়াবলৈ আন দেশক ধ্বংস কৰিব খোজা দেশক প্রতিহত কৰিবলৈও সংঘবদ্ধ হ’ব লাগিব৷ ঘৃণা, হিংসা আৰু আগ্রাসনে মানুহৰ ইতিহাসত সদায় কলংক সানি আহিছে৷ সেই কলংকৰ চেকা কেনেকৈ সংঘবদ্ধভাৱে নাইকিয়া কৰিব পাৰি আৰু দেশে দেশে মানুহৰ বাবে শান্তিৰে থকাৰ পৰিৱেশ ৰচনা কৰাত সহায় কৰিব পাৰি তাৰ বাবে শক্তি আৰু সামর্থ্য আহৰণ কৰাটো হ’ব আটাইতকৈ গুৰুত্বপূর্ণ দায়িত্ব৷ আমাৰ দেশৰ শত্রুতা কৰা দেশক প্রতিহত কৰাৰ যত্নৰ প্রতি দেশৰ সকলো স্তৰৰ, সকলো ধর্মৰ মানুহৰ সমান সমর্থন আদায় কৰিব নোৱাৰিলে আমি কেতিয়া, কি হেৰুৱাবলগীয়া হ’ব পাৰে সেই কথা অনুমান কৰা সম্ভৱ নহ’ব৷

নিজে আৰু দলক ক্ষমতাধিষ্ঠিত হৈ থকাৰ বাবে অনেক ৰাজনীতিকে আটাইতকৈ ক্ষতিকাৰক পদ্ধতিও প্রয়োগ কৰিবলৈ কুণ্ঠিত নহ’ব পাৰে৷ প্রতিপক্ষক তথ্য আৰু যুক্তিৰে নহয় বৰং প্রতিপক্ষৰ বিৰুদ্ধে দেশৰ সাধাৰণ মানুহকো কেনেকৈ অসাধু ডপায়েৰে হিংস্র কৰি তুলিব পাৰি, তাৰ ওপৰত গুৰুত্ব দি কাম কৰা নেতাৰ অভাৱ নোহোৱা যেন হৈছে৷ আনকি ধর্মীয় ঘৃণা আৰু হিংসাৰে দেশ বা ৰাজ্যক জর্জৰ কৰিও কেনেকৈ ব্যক্তিগত আৰু দলীয় স্বার্থ পূৰণ কৰিব পাৰি তাৰ বাবে অত্যন্ত কৌশলেৰে যে বেহু ৰচনা দেশৰ ঠায়ে ঠায়ে কৰা নাই বা নকৰিব এনে নিশ্চয়তাও কোনেও দিব নোৱৰা সময় যেন সক্রিয় হৈ ডঠিছে৷ ক’বৰ মন গৈছে, তাহানি আনন্দৰাম ঢ়েকিয়াল ফুকনে কোৱা কথা সলনি কৰি, ‘‘হে ক্রিপাময় জগদিশ্বৰ’’ তেনে দিনৰ পৰা যেন দেশক ৰক্ষা কৰাঁ৷ সেয়ে নহ’লে দেশো নৰয়, গণতন্ত্র দূৰৰ কথা৷ ক্ষমতাধিষ্ঠিতসকলে ভাবিবলৈ পাহৰিছে যে কাকো ধন–সোণ, ক্ষমতাই কেতিয়াও, কাৰো শেষ ৰক্ষা কৰিব নোৱাৰে৷৷

You might also like