ঢাৰিত বহি-তামোল খুন্দি তিনি আইতাই ছাত্ৰ-ছাত্ৰীক শুনালে সাধু
নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ , ১২ মাৰ্চঃ নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ে এইবেলি যোৱা ৮, ৯ আৰু ১০ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস নিজ কাৰ্যালয় প্ৰাংগনত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰে। ইয়াৰ লগত সংগতি ৰাখি শেষৰ দিনা ‘আইতাৰ সাধু শুনোঁ আহা’ শীৰ্ষক এক মননশীল কাৰ্যক্ৰম অনুষ্ঠিত হয়। বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত গলিয়া প্ৰাথমিক বিদ্যালয়ৰ তিনিগৰাকী অভিভাৱক আইতা ক্ৰমে কুঞ্জ তালুকদাৰ, ৰীণা তালুকদাৰ আৰু ঊষা তালুকদাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাৰ আমন্ত্ৰন ক্ৰমে জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একোটাকৈ অতি ৰসাল আৰু মনোগ্ৰাহী সাধু উপস্থাপন কৰে। অৱসৰী শিক্ষক প্ৰশিক্ষক ৰেণুকা শৰ্মাই উদ্বোধন কৰা আৰু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত কৰা এই কাৰ্যক্ৰমটোত আইতাসকলে ঢাৰিত বহি আৰু তামোল খুন্দি ছাত্ৰ-ছাত্ৰীসকলক সাধু শুনাই উপস্থিত সকলোকে তাহানিৰ দিনলৈ ঘুৰাই লৈ যোৱাৰ উপৰিও শিশু ছাত্র ছাত্ৰী সকল উপকৃত হয়। উল্লেখ্য যে এনেকুৱা বিভিন্ন অনুষ্ঠান গলিয়া প্ৰাথমিক বিদ্যালয়ে পূৰ্বৰে পৰা নিজ বিদ্যালয়ত অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী সকলক ভাষা শিকনৰ কৌশল বিকাশত অৰিহনা যোগাই আহিছে। আনকি ল’ক ডাউনৰ সময়ছোৱাতো বিদ্যালয়খনে এনেকুৱা অনুষ্ঠান পাতি ছাত্ৰ-ছাত্ৰীৰ শিকনৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ প্ৰয়াস কৰিছিল। আনহাতে বিদ্যালয়খনে এইবাৰ শ্ৰেষ্ঠ মাতৃগোটৰ বঁটা পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এনে অত্যুৎসাহী কাৰ্যত জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকাই গলিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপক আন্তৰিক ধন্যবাদ জনাইছে।