সোণাৰিত ধঁপাতজাতীয় সামগ্ৰী নিয়ন্ত্ৰণ কোষৰ বিশেষ প্ৰশিক্ষণ শিবিৰ
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ চৰাইদেউ জিলা ধঁপাতজাতীয় সামগ্ৰী নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আজি সোণাৰিৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা সোঁৱৰণী ভৱনত সমূহীয়া স্বাস্থ্য বিষয়া, স্বাস্থ্য কৰ্মী আৰু আশা কৰ্মীৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন হৈ যায় । মূলত ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ফলত হোৱা ৰোগৰ সন্দৰ্ভত সজাগতা বৃদ্ধি তথা এই ক্ষেত্ৰত আইন ভংগকাৰীক উচিত শাস্তি প্ৰদান কৰা তথা ছাত্ৰ ছাত্ৰী সকলক এই নিচাযুক্ত দ্ৰব্যৰ পৰা আতৰাই ৰখা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি এই প্ৰশিক্ষণৰ আয়োজন কৰা হয় । প্ৰশিক্ষণত উপস্থিত থাকি এন টি চি পি ৰ মহকুমা সমন্বয়ক ৰুধীৰ শৰ্মা , ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নডেল অফিচাৰ ডঃ হেমন্ত শ্যাম আৰু এনে এইছ এম ৰ জিলা প্ৰগ্ৰেম বিষয়া অভিজিত শৰ্মাই এই বৰ বিহ সদৃশ ধঁপাত জাতীয় সামগ্ৰীৰ ভয়াৱহতা আৰু নিয়ন্ত্ৰণৰ ওপৰত আলোকপাত কৰে । উল্লেখযোগ্য যে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এই সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাব বুলি জানিব পৰা গৈছে ।
প্ৰেৰক দীপাংকৰ পাল